মুখ্যপৃষ্ঠা »খবৰ »অসম »BARPETA ROAD : বৰপেটাৰোডত ৫ বছৰে নিৰ্মাণ হৈ নুঠিল উৰণীয়া সেতু, অতিষ্ঠ ৰাইজে আবদ্ধ কৰিলে ৰে'ল

BARPETA ROAD : বৰপেটাৰোডত ৫ বছৰে নিৰ্মাণ হৈ নুঠিল উৰণীয়া সেতু, অতিষ্ঠ ৰাইজে আবদ্ধ কৰিলে ৰে'ল

ৰে'লগেটত ভালেমান সময় আবদ্ধ হৈ পৰে শ শ বাহন।

ৰে'লগেটত ভালেমান সময় আবদ্ধ হৈ পৰে শ শ বাহন।

ৰে'লগেটত ভালেমান সময় আবদ্ধ হৈ পৰে শ শ বাহন।

  • Share this:
বৰপেটাৰোডৰ উৰণীয়া সেতুখনৰ লগতে ৰে'লৱে ফুট ব্রীজখন পুনৰ মেৰামতি সম্পূর্ণ নকৰাৰ ফলত যমৰ যাতনা ভুগিব লগাত পৰিছে বৰপেটাৰোডবাসী ৰাইজে। ৫ বছৰে পূৰ্বেই নিৰ্মাণৰ কাম আৰম্ভ কৰা ৰে'লৱে উৰণীয়া সেতুখন আজিলৈকে সম্পূৰ্ণ নোহোৱাত ৰে'ল এখন আহিলেই দীৰ্ঘ সময় ধৰি ৰে'লগেটত আৱদ্ধ হৈ পৰিবলগীয়া হোৱাত ৰাইজ অতিষ্ঠ হৈ পৰিছে৷

আজিও কেইবাখনো ৰে'ল পাৰ কৰাত ৰে'লগেটত ভালেমান সময় আবদ্ধ হৈ পৰে শ শ বাহন। এনে পৰিস্থিতিত ৰাইজে দিনৰ ১১টা মান বজাত উজনিমুৱা গুৱাহাটী ছিকন্দৰবাদ এক্সপ্ৰেছ ট্ৰেইনখন এঘণ্টাৰো অধিক সময় আবদ্ধ কৰি ৰাখে৷

ৰাইজে অনতিপলমে পলমে ৰে'লৱে উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰে'ল বিভাগৰ ওচৰত দাবী জনায়। পিছত ৰে'ল বিভাগ আৰু বৰপেটা জিলা প্ৰশাসনৰ লোক আহি এইক্ষেত্ৰত সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়াত ৰে'লখন যাবলৈ দিয়া হয়।

শেহতীয়া বাতৰি