জুবিন গাৰ্গৰ দৃষ্টিত বহেমিয়ান তেওঁ ৷ বাঁহীত সুৰৰ লহৰ তুলি সময় জীপাল কৰিব জানে তেওঁ৷ প্ৰভাত শৰ্মাৰ পিছতে অসমৰ বাঁহী বাদনৰ ক্ষেত্ৰখনত যাৰ নাম ল'ব পাৰি সেইজনেই দীপক শৰ্মা ৷ Dipak Flute Sarma হয় বাঁহীবাদক দীপক শৰ্মাৰ কথাকে কৈছো ৷
দীপক শৰ্মা বৰ্তমান অসুস্থ ৷ 'ক্ৰণিক লিভাৰ ডিজিজ'ত আক্ৰান্ত বাঁহীবাদক দীপক শৰ্মা ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা এতিয়া হায়দৰাবাদৰ ASIAN INSTITUTE OF GASTROENTEROLOGY চমুকৈ AIGত চিকিৎসাধীন।
উল্লেখযোগ্য যে, ডাক্টৰ পলট বালাচন্দ্ৰনৰ তত্বাৱধানত চিকিৎসা চলি আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ ৷ চিকিৎসকৰ মতে দীপক শৰ্মাক প্ৰয়োজন যকৃৎ সংৰোপণৰ ৷ এই অস্ত্ৰোপচাৰৰ বাবে ব্যয় ধাৰ্য কৰিছে ২৮লাখ টকা ৷ চিকিৎসকৰ মতে এই ব্যয় আনুমানিকহে। পৰিৱেশ, পৰিস্থিতিৰ ওপৰত বা শৰ্মাৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াৰ হ্ৰাস-বৃদ্ধি।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|