আপুনি নিশ্চয় মন্দিৰলৈ গ'লে পূজা-অৰ্চনাৰ বাবে ফুল লৈ যায়। বিভিন্ন ধৰণৰ অনুষ্ঠানত ফুলৰ মালাৰ ব্যৱহাৰ কৰে। কিন্তু ফুলবিলাক পায় ক'ত? ক'ৰ পৰা আহে এইবিলাক ফুল? চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন।
গোলাপ, তগৰ , নাৰ্জী বা পদুম যি ফুলেই নিবিচাৰক, সকলো ফুল মজুত মাছখোৱাৰ বজাৰত। বিভিন্ন ধৰণৰ ফুলৰ বিক্ৰী কেন্দ্ৰ অসমৰ হৃদপিণ্ড স্বৰূপ গুৱাহাটীৰ মাছখোৱা বজাৰ। হাজোৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে এই নানাৰঙী ফুলবিলাক।
আপুনি জানি আচৰিত হ'ব পুৱা চাৰি বজাৰ পৰা সাত বজাৰ ভিতৰত প্ৰায় ৬ ৰ পৰা ৮ টন ফুল বিক্ৰী হয় এই বজাৰত। গুৱাহাটী মহানগৰীৰ বিভিন্ন মন্দিৰত এই ফুল ব্যৱহাৰ হোৱাৰ বাহিৰেও এই ফুল আমদানি হয় শ্বিলঙকে আদি কৰি আন বহু ওচৰ চুবুৰীয়া ঠাইলৈ। প্ৰতি কেজি ১৫০ৰ পৰা ৩০০ টকা পৰ্যন্ত বিক্ৰী হোৱা এই ফুলসমূহ ঘৰুৱা পদ্ধতিৰে উৎপাদন কৰা হেতুকে মূল্য অধিক।
গুৰুত্বপূৰ্ণ যে এই ফুলৰ ব্যৱসায়েৰে সুন্দৰভাৱে চলি আছে বহুতৰ জীৱন বহু পৰিয়াল। স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শনো এই ফুলৰ ব্যৱসায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|