অট'ৰিক্সা খনৰ বাহিৰে ভিতৰে এতিয়া প্ৰাণ পাই উঠিছে বিভিন্ন প্ৰজাতিৰ উদ্ভিদে।
অট'ৰিক্সা খনৰ বাহিৰে ভিতৰে এতিয়া প্ৰাণ পাই উঠিছে বিভিন্ন প্ৰজাতিৰ উদ্ভিদে।
১৫ বছৰ পুৰণি এখন অট'ৰিক্সা। চোৰাংভাৱে শামুক সৰবৰাহ কৰা অট' ৰিক্সাখন বন বিভাগে জব্দ কৰিছিল। তেতিয়াৰে পৰা নগাঁও বন সংমণ্ডলৰ কাৰ্যালয়তে ৰখা হৈছিল অট'ৰিক্সাখন। প্ৰয়োজনীয় নথি-পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবেই কালক্ৰমত বিভাগটোৰ কাৰ্যালয়তে জহি-খহি গ'ল অট'ৰিক্সা খন। পিছে বৰ্তমান এই জৰাজীৰ্ণ অট'ৰিক্সাখন কাৰ্যালয়টোলৈ অহা প্ৰতিগৰাকী ব্যক্তিৰ বাবেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কাৰণ বিভাগটোৰ কৰ্মচাৰী সকলে অট'ৰিক্সাখন বিভিন্ন প্ৰজাতিৰ ফুলৰ বাগিছালৈ ৰূপান্তৰিত কৰিছে। সেয়ে জহি-খহি যোৱা অট'ৰিক্সা খনে পাইছে এক নতুন ৰূপ। অট'ৰিক্সা খনৰ বাহিৰে ভিতৰে এতিয়া প্ৰাণ পাই উঠিছে বিভিন্ন প্ৰজাতিৰ উদ্ভিদে। সেয়ে এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই জৰাজীৰ্ণ অট'ৰিক্সাখন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|