তৰুণ গগৈৰ নশ্বৰ দেহ নিয়াৰ বাবে জি এম চি এইচত সাজু পুষ্পসজ্জিত বাহন

News18 Assam | News18-Assam
Updated:November 24, 2020, 8:51 AM IST
তৰুণ গগৈৰ নশ্বৰ দেহ নিয়াৰ বাবে জি এম চি এইচত সাজু পুষ্পসজ্জিত বাহন
বিয়লি ৪ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ’ব।

বিয়লি ৪ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ’ব।

  • Share this:
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ নিয়াৰ বাবে জিএমচিএইচত সাজু কৰা হৈছে পুষ্পসজ্জিত বাহন। পৰিয়ালৰ লোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আহি পোৱাৰ পিছতেই এই পুষ্পসজ্জিত বাহনেৰে তৰুণ গগৈৰ নশ্বৰ দেহ প্ৰথমে চৰকাৰী আৱাসগৃহলৈ নিয়া হ’ব। তাৰ পিছত জনতা ভৱন আৰু ৰাজীৱ ভৱনলৈ লৈ যাব নশ্বৰ দেহ।

বিয়লি ৪ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ’ব। তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ৰাজ্য চৰকাৰৰ প্ৰশাসন। ২৬ নৱেম্বৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব তৰুণ গগৈৰ।
Published by: Sanjay Kumar Das
First published: November 24, 2020, 8:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading