প্ৰথমতে সকলোৱে কেৱল নিজৰ ঘৰখনতহে হৈছে বুলি ভাৱিছিল যদিও বিষয়টো ছচিয়েল মিডিয়াৰ মজিয়া পোৱাৰ পিছতে এনে পৰিৱেশ বহুতৰে ঘৰত দেখিবলৈ পোৱা বিষয়টো পোহৰলৈ আহে।
প্ৰথমতে সকলোৱে কেৱল নিজৰ ঘৰখনতহে হৈছে বুলি ভাৱিছিল যদিও বিষয়টো ছচিয়েল মিডিয়াৰ মজিয়া পোৱাৰ পিছতে এনে পৰিৱেশ বহুতৰে ঘৰত দেখিবলৈ পোৱা বিষয়টো পোহৰলৈ আহে।
বিগত প্ৰায় চাৰিদিন একেধাৰে বৃষ্টিপাত হৈ থকাৰ সময়তে আজি পুৱাৰে পৰা এক বিশেষ দৃশ্য দেখি আতংকিত হৈ পৰিছে যোৰহটীয়া ৰাইজ। যোৰহাটৰ অধিকাংশ ঘৰৰ মজিয়াবোৰ বৰষুণত তিতাৰ দৰে তিতি উঠিছে। প্ৰথমতে সকলোৱে কেৱল নিজৰ ঘৰখনতহে হৈছে বুলি ভাৱিছিল যদিও বিষয়টো ছচিয়েল মিডিয়াৰ মজিয়া পোৱাৰ পিছতে এনে পৰিৱেশ বহুতৰে ঘৰত দেখিবলৈ পোৱা বিষয়টো পোহৰলৈ আহে। দুই তিনিবাৰ কাপোৰেৰে মজিয়াৰ পানী মচিবলৈ চেষ্টা কৰিও সকলো বিফল হৈ পৰিছে। মচি নিয়াৰ পিছ মূহুৰ্ততে আকৌ একেই হৈ পৰে। সম্প্ৰতি ছচিয়েল মিডিয়াৰ পৃষ্ঠাত কেৱল "তিতা মজিয়া"ক লৈ বিশেষ চৰ্চা হৈছে। কিন্তু হঠাৎ কিয় এনে হৈছে?
এই বিষয়টোক লৈ এতিয়া নানাজনৰ নানা মত। কোনোৱে যদি এয়া প্ৰকৃতিৰ কোপদৃষ্টি বুলি কৈছে, কোনোৱে আকৌ ভয়ংকৰ ভূমিকম্পৰ আগজাননী বুলি অভিহিত কৰিছে। কোনোৱে কেইদিনমান পূৰ্বে হৈ যোৱা ভূমিকম্পৰ বাবে এতিয়া এনে হৈছে বুলি কৈছে। মুঠৰ ওপৰত সকলোৰে নিজৰ নিজৰ মনলৈ অহা মতামতেৰে ভৰি পৰিছে সামাজিক মাধ্যমৰ পৃষ্ঠা।
ইপিনে বহুজনে একেৰাহে কেইবাদিনো প্ৰৱল বৃষ্টিপাত হোৱাৰ ফলত চৌপাশৰ তাপমাত্ৰা হ্ৰাস পোৱাৰ পাছত আজি আংশিক ৰ'দ ওলোৱাত বাহিৰৰ তাপমাত্ৰা হঠাৎ বৃদ্ধি পোৱাত সেই গৰম আদ্ৰ বতাহে শীতল মজিয়া স্পৰ্শ কৰাত তাত থকা জলীয় বাস্পখিনিয়ে পানীৰ ৰূপ লৈ মজিয়াখন ভিজাই পেলোৱা বুলি মন্তব্য কৰিছে। এয়া সম্পূৰ্ণ এক এক প্ৰাকৃতিক পৰিঘটনা, এয়া কোনো ভুমিকম্প বা অপায়-অমংগলৰ আগজাননী নহয় বুলি মন্তব্য কৰিছে বিজ্ঞসকলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|