• Home
  • »
  • News
  • »
  • assam
  • »
  • BARPETA : বানৰ পিছতে বৰপেটাত জাপানী এনকেফেলাইটিছৰ আতংক, মেলেৰিয়া বিভাগে আৰম্ভ কৰিছে তৎপৰতা

BARPETA : বানৰ পিছতে বৰপেটাত জাপানী এনকেফেলাইটিছৰ আতংক, মেলেৰিয়া বিভাগে আৰম্ভ কৰিছে তৎপৰতা

 ২০২০ চনত বৰপেটাত এমাহৰ ভিতৰতে ৬জনকৈ লোকৰ মৃত্যু হৈছিল ৷ 

২০২০ চনত বৰপেটাত এমাহৰ ভিতৰতে ৬জনকৈ লোকৰ মৃত্যু হৈছিল ৷ 

২০২০ চনত বৰপেটাত এমাহৰ ভিতৰতে ৬জনকৈ লোকৰ মৃত্যু হৈছিল ৷ 

  • Share this:
জাপানী এনকেফেলাইটিছৰ আতংকত ভুগিছে সত্ৰনগৰী বৰপেটা ৷ ভয়াৱহ বানৰ কবলত প্ৰায় সমগ্ৰ সত্ৰনগৰী বৰপেটা ডুব যোৱাৰ পিছত শেহতীয়াকৈ আৰম্ভ হৈছে জাপানী এনকেফেলাইটিছৰ আতংক ৷ বানৰ পিছতে শেহতীয়াভাৱে বৰপেটা চহৰৰ মাজৰহাটীৰ পলাশমণি দাস নামৰ এজন ২৭ বছৰীয়া যুৱক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ খবৰক লৈ উদ্বিগ্ন বৰপেটাবাসীৰ লগতে মেলেৰিয়া বিভাগ (fears of Japanese Encephalitis at Barpeta) ৷

সম্প্ৰতি বৰপেটা মেডিকেল কলেজ হাস্পতালত ICUত চিকিৎসাধীন হৈ আছে পলাশমণি দাস নামৰ যুৱকজন ৷ ইফালে, বৰপেটা চহৰত জাপানী এনকেফেলাইটিছত (Japanese Encephalitis) আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে তৎপৰ হৈ পৰিছে মেলেৰিয়া বিভাগ৷ ইতিমধ্যে অঞ্চলটোৰ সকলো লোকৰে তেজ পৰীক্ষা কৰাৰ লগতে অঞ্চলটোৰ ঘৰে ঘৰে মহ খেদোৱা ঔষধ ছটিওৱা, নলাসমূহত মহৰ বৃদ্ধি ৰোধৰ বাবে ঔষধ প্ৰয়োগ, ফ'গিং আদিৰ ব্যৱস্থা হাতত লৈছে জিলা মেলেৰিয়া বিভাগে ৷

উল্লেখ্য যে চলিত বছৰটোত বৰপেটাত তিনিজনকৈ লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি বৰপেটা জিলা মেলেৰিয়া বিভাগে জানিবলৈ দিছে৷ ইয়াৰে এজনৰ ঘৰ বৰপেটা চহৰৰ বিপৰীতে আন দুজন লোকৰ এজনৰ ঘৰ বৰপেটাৰোডত আৰু আন এজনৰ ঘৰ কয়াকুছিত ৷ গুৰুত্বপূৰ্ণ যে কোৰোনাৰ সময়ত বৰপেটাত জাপানী এনকেফেলাইটিছত ভোগাৰ বাতৰি প্ৰকাশ পোৱা নাছিল যদিও ২০২০ চনত বৰপেটাত এমাহৰ ভিতৰতে ৬জনকৈ লোকৰ মৃত্যু হৈছিল ৷
Published by:Gautam Barman
First published: