Flood Havoc : গহপুৰত বানৰ সংহাৰী ৰূপ, ছিঙিছে ইটোৰ পিছত সিটো মথাউৰি। কেইবাঠাইটো ছিন্ন ভিন্ন হ'ল বাট-পথ।

News18 Assam | News18-Assam
Updated:June 8, 2021, 4:53 PM IST
Flood Havoc : গহপুৰত বানৰ সংহাৰী ৰূপ, ছিঙিছে ইটোৰ পিছত সিটো মথাউৰি। কেইবাঠাইটো ছিন্ন ভিন্ন হ'ল বাট-পথ।
ব্ৰহ্মাজান, শিঙৰীজান, ছত্ৰং, চেঁচা আৰু ডুবিয়া নৈয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে গহপুৰৰ বহু অঞ্চলত।

ব্ৰহ্মাজান, শিঙৰীজান, ছত্ৰং, চেঁচা আৰু ডুবিয়া নৈয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে গহপুৰৰ বহু অঞ্চলত।

  • Share this:
মুষলধাৰ বৰষুণৰ ফলত গহপুৰৰ মাজেৰে বৈ যোৱা কেইবাখনো পাহাৰীয়া নদীয়ে মথাউৰি ছিঙি তাণ্ডৱৰ সৃষ্টি কৰে। বিশেষকৈ ব্ৰহ্মাজান নৈৰ জলধাৰা ক্ৰমাৎ বৃদ্ধি হোৱাত নৈখনৰ বাঢ়নী পানীয়ে নিশা দুঠাইত মথাউৰি ছিঙি নিয়ে। ফলত কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হয়।

ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাঙলীয়াল গাঁও পঞ্চায়তৰ এলেকাধীন বঢ়মপুৰৰ পূব দিশে ব্ৰহ্মাজান নৈয়ে মথাউৰি ছিঙি নিয়াৰ ফলত বঢ়মপুৰ, মহেন্দ্ৰপুৰ, বেকিজান, হাতীবন্ধিয়া, কঠাইচুক, বৰজহাবাৰীকে ধৰি বহুকেইখন গাঁও জলমগ্ন হৈ পৰে। ইয়াৰ উপৰি এলেকাটোৰ দড়িয়াঘাটৰ দুঠাইত মথাউৰি ছিঙি নিয়াৰ ফলত হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মাজান এলেকাৰ জন-জীৱন বিঘ্নিত কৰি তুলিছে।

আনহাতে নিশাৰ ভাগতে কেইবাঠাইতো ব্ৰহ্মাজান নৈয়ে মথাউৰি ছিঙাৰ উপক্ৰম কৰাত দাঁতি-কাষৰীয়া লোকে গছৰ ডাল-পাত দি কোনোমতে ঘৰ-বাৰী ৰক্ষা কৰে যদিও অন্য এঠাইত মথাউৰি ছিঙি নিয়ে। যাৰ বাবে বৰ্তমান বহিঃজগতৰ লগত যোগাযোগ বিছিন্ন হৈ আছে।

ইফালে ব্ৰহ্মাজান চাহ-বাগিচাৰ মাজেৰে বৈ অহা কেঁকুৰিজান নৈয়ে জালুকবাৰী অঞ্চলৰ পূব দিশৰ চাৰি ঠাইত মথাউৰি ছিঙি নিয়াৰ ফলত বালিজান, কটকী চুক, বালিগাঁও, বড়িগাঁৱকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰে। অন্যহাতে শিঙৰীজান নৈয়ে কৃষ্ণপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা বান্ধ যোৱা নিশা ছিঙি নিয়াৰ ফলত কটকীচুকৰ মৌজাদাৰ পথাৰ, ভোলাগুৰিৰ লম্বা লাইন, বালিজানৰ হৰিজন বস্তি, মাগনি কছাৰি, ভোলাগুৰি চাহবাগিচাৰ চেণ্টাৰ সংযোগী পথৰ কাষৰ উত্তৰ পাৰৰ ভালেকেইটি পৰিয়ালৰ বাসগৃহত বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি সাধন কৰে।

ইফালে ছত্ৰঙৰ নৱনিৰ্মিত মথাউৰিয়েদি বাঢ়নী পানী বৈ নগৰৰ অন্তৰ্গত ধেণুধৰা, মধ্য চত্ৰং, ডেলহাউচিকে ধৰি কেইবাটাও দাঁতি-কাষৰীয়া এলেকা বুৰাই পেলায়। অন্যহাতে পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ডুবিয়া, কলাবাৰী, হাৱাজানৰ বিস্তীৰ্ণ এলেকা চেঁচা নৈৰ বাঢ়নী পানীয়ে বুৰাই যাতায়াতৰ লগতে জন-জীৱন বিঘ্নিত কৰি তুলিছে।

কলাবাৰী গাঁও পঞ্চায়তৰ এলেকাৰ কেইবাঠাইটো বালিৰ মথাউৰি ছিঙাৰ ফলত বানত বুৰ গৈছে বৈশিষ্টপুৰ গাঁৱৰ ঘৰ দুৱাৰ, বাট-পথ বিদ্যালয় গৃহ। মুষলধাৰ বৰষুণৰ বাবেই উত্তৰ কলাবাৰী, পূব ডুবিয়া গাঁও পঞ্চায়তৰ বহুকেইখন গাঁও চেঁচা নদীৰ বাঢ়নী পানীৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে।

ঠিক সেইদৰে ডুবিয়া নৈৰ মথাউৰিৰ ওপৰেৰে বাঢ়নী পানী বৈ আহি ডুবিয়া, যোৰহটীয়াৰ বিস্তৃত এলেকাৰ ঘৰ-বাৰী বুৰাই পেলাইছে। ইয়াৰ পাছতো দুৰ্দশাগ্ৰস্ত ৰাইজৰ খবৰ ল'বলৈ আহৰি পোৱা নাই মহকুমা প্ৰশাসনৰ।
Published by: Manjumoni Borah
First published: June 8, 2021, 4:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি