‘আমাক খাদ্য দিয়ক, নহ’লে গুলীয়াই মাৰক’, ৰাজহ চক্ৰ বিষয়াৰ সন্মুখতে হাজোত উত্তাল প্ৰতিবাদ বন্যাৰ্তৰ

News18 Assam | News18-Assam
Updated:July 18, 2020, 3:36 PM IST
‘আমাক খাদ্য দিয়ক, নহ’লে গুলীয়াই মাৰক’, ৰাজহ চক্ৰ বিষয়াৰ সন্মুখতে হাজোত উত্তাল প্ৰতিবাদ বন্যাৰ্তৰ
হাজোৰ বাগটা, ভোমাৰবড়ী, হৈনাদী, দিহিনা, জাপিয়া,হিৰাজেনীকে আদি কৰি কেইবাখনো গাঁওৰ বানপীড়িত লোক সকলে এতিয়া বান সাহাৰ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

হাজোৰ বাগটা, ভোমাৰবড়ী, হৈনাদী, দিহিনা, জাপিয়া,হিৰাজেনীকে আদি কৰি কেইবাখনো গাঁওৰ বানপীড়িত লোক সকলে এতিয়া বান সাহাৰ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

  • Share this:
এফালে কোৰোণাৰ সংহাৰ, আনফালে ৰাজ্যত বানৰ তাণ্ডৱ। তাৰ মাজতে তীৰ্থনগৰী হাজোত বানাক্ৰান্তৰ উত্তাল প্ৰতিবাদ। এমুঠি অন্নৰ বাবে শনিবাৰে হাজো ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ চৌহদত বানাক্ৰান্ত সকলে বিভিন্ন প্ৰতিবাদী শ্লােগানেৰে উত্তাল কৰি তোলে পৰিবেশ।

বানাক্ৰান্তৰ অভিযোগ, আজিলৈ ৭ দিন হ’ল কিন্তু বানাক্ৰান্ত অঞ্চলত উপস্থিত হোৱা নাই কোনো জনপ্ৰতিনিধি কিম্বা হাজো ৰাজহ চক্ৰ বিষয়া। বানসাহাৰ্যৰ নামত বানাক্ৰান্ত খাটিখোৱা গঞা ৰাইজক প্ৰদান কৰা হৈছে পশু খাদ্য। হাজোৰ বাগটা, ভোমাৰবড়ী, হৈনাদী, দিহিনা, জাপিয়া,হিৰাজেনীকে আদি কৰি কেইবাখনো গাঁওৰ বানপীড়িত লোক সকলে এতিয়া বান সাহাৰ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।



কিন্ত তাৰ পাছতো কোনো গুৰুত্ব নাই হাজো প্ৰশাসনৰ। প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী ধ্বনি দিয়াৰ লগতে আমাক খাদ্য দিয়ক, নহলে আমাক গুলীয়াই মাৰক ধ্বনিৰে উত্তাল কৰি তোলে হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ। ৰাজহ চক্ৰ বিষয়া সুকন্যা বৰাৰ সন্মুখতেই বানাক্ৰান্তৰ উত্তাল প্ৰতিবাদ। অৱশ্যে প্ৰতিবাদস্থলীত কামৰূপ জিলা অতিৰিক্ত উপায়ুক্ত গুণজিত ৰায় চৌধুৰী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বানাক্ৰান্ত ৰাইজে ৭ দিন ধৰি বান সাহাৰ্য নোপোৱাৰ বাবে তদন্ত বিছাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ অতিৰিক্ত উপায়ুক্তগৰাকীৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰে
First published: July 18, 2020, 3:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading