কামপুৰ, ৰহা আৰু নগাঁও ৰাজহ চক্ৰৰ প্ৰায় ১৬হেজাৰ হেক্টৰ কৃষি ভূমি বানৰ কবলত। বন্যাৰ্তৰ কাষত বিধায়ক ৰূপক শৰ্মা।
কামপুৰ, ৰহা আৰু নগাঁও ৰাজহ চক্ৰৰ প্ৰায় ১৬হেজাৰ হেক্টৰ কৃষি ভূমি বানৰ কবলত। বন্যাৰ্তৰ কাষত বিধায়ক ৰূপক শৰ্মা।
ষষ্ঠ দিনাও অপৰিবৰ্তিত অৱস্থাত আছে নগাঁৱৰ বান পৰিস্থিতি। কপিলী, বৰপানী আৰু নিশাৰী নদীৰ বাঢ়নী পানীয়ে এতিয়া সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে কামপুৰ, ৰহা, জুমৰমুৰ, ৰাঙলু, ননৈ দক্ষিণ পাট, বৰক'লা, তুলসীমুখ আদি বিভিন্ন অঞ্চলত। নিতৌ প্লাবিত হৈছে ন ন অঞ্চল। যেনিয়ে চোৱা যাই কেৱল পানী আৰু পানী।
শেহতীয়াকৈ হাৰিয়া নৈৰ বানে ৰাতিটোৰ ভিতৰতে প্লাৱিত কৰিলে বৰক'লা, দক্ষিণ পাট, তুলসীমুখৰ বিভিন্ন অঞ্চল। তুলীসমুখৰ ঘাগৰিয়াল গাঁৱত চম্পাৱতী নৈৰ পানীয়ে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নৈৰ পানীয়ে ঘাগৰিয়াল গাঁৱৰ পথটো ডুবাই পেলাইছে। ছিঙো ছিঙো অৱস্থাত থকা পথটো ছিঙিলেই কেইবাখনো গাঁও জলমগ্ন হৈ পৰিব। আতংকিত হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজ।
একেদৰে দক্ষিণপাট-বৰক’লা-কামপুৰ পথতো কেইবা ঠাইতো বাঢ়নী পানীয়ে বুৰাই পেলোৱাত পথটোৰে যাতায়ত বিপদ সংকুল হৈ পৰিছে ৷ বুধবাৰে নিশা পৰ্যন্ত জিলা খনৰ কামপুৰ ৰাজহ চক্ৰৰ শতাধিক ৰাজহ গাঁও, ৰহা ৰাজহ চক্ৰৰ অৰ্ধ শতাধিক গাঁও আৰু নগাঁও সদৰ ৰাজহ চক্ৰৰ দহখনৰো অধিক গাঁৱৰ পাঁচ লাখ ৫০ হেজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে।
এইবাৰৰ বানত জিলাখনৰ কামপুৰ, ৰহা আৰু নগাঁও ৰাজহ চক্ৰৰ প্ৰায় ১৬ হেজাৰ হেক্টৰ কৃষি ভূমি আক্ৰান্ত হৈছে। কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ কেবাটাও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মথাউৰি, অসংখ্য পথ বানত বিধ্বস্ত হৈছে। ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। কঠিয়াতলী-কামপুৰ পথৰ এটা অংশ ভগাত পথটোৰে যাতায়ত ব্যাহত হৈ পৰিছে। এই পৰ্যন্ত কামপুৰত ২৩ টা , নগাঁও সদৰত ৫ টা , ৰহাত ৩ টা আশ্ৰয় শিবিৰ স্হাপন কৰা হৈছে ৷ এছ ডি আৰ এফৰ সাতখন নাঁৱেৰে উদ্ধাৰ অভিযান চলাই আছে ৷
নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আজি বৰক'লা, তুলসীমুখ দেউৰী পঞ্চায়তৰ কুৰৱাবাহী , পাখিমৰীয়া পঞ্চায়তৰ বেবেজীয়া আদি বানক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰা লগতে আশ্ৰয় শিৱিৰত উপস্থিত হৈ বন্যাৰ্তৰ অৱস্থাৰ বুজ লয়।
ইফালে বেবেজীয়াৰ সমীপৰ ঘাঁহি আৰু জাগিয়ালত কলং নৈৰ পানী ক্ৰমাত বৃদ্ধি পোৱাত ঘাঁহী, নিজ জাগিয়াল , জাগিয়াল, পেটবঢ়া আদি ঠাইৰ লোক সকল আতংকিত হৈ পৰিছে ৷ ঘাঁহীত বহুকেইঘৰ লোকৰ ঘৰৰ বাৰীত পানী সোমাইছে ৷ কলঙৰ পানী ঠায়ে ঠায়ে বাগৰি পথৰ কাষৰ খাল- দোঙ বুৰাই পেলাইছে। এনেদৰে পানী বাঢ়ি থাকিলে নিশা এইবোৰ অঞ্চলটো বান পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা কৰা হৈছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|