• Home
  • »
  • News
  • »
  • assam
  • »
  • Minister Ranoj Pegu: বৰপেটাত মন্ত্ৰী ৰণোজ পেগু, আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বান পৰিস্থিতিক লৈ জিলা প্ৰশাসনৰে বৈঠক

Minister Ranoj Pegu: বৰপেটাত মন্ত্ৰী ৰণোজ পেগু, আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বান পৰিস্থিতিক লৈ জিলা প্ৰশাসনৰে বৈঠক

 বানত ক্ষতি হোৱা পথ, মথাউৰি আদি মেৰামতিৰ বাবে শীঘ্ৰে ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ 

বানত ক্ষতি হোৱা পথ, মথাউৰি আদি মেৰামতিৰ বাবে শীঘ্ৰে ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ 

বানত ক্ষতি হোৱা পথ, মথাউৰি আদি মেৰামতিৰ বাবে শীঘ্ৰে ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ 

  • Share this:
ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আজি বৰপেটাত উপস্থিত হয়৷ বৰপেটাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ আৰু ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে বৰপেটাত উপস্থিত হোৱা মন্ত্ৰী ৰণোজ পেগুৱে আজি বৰপেটা জিলা প্ৰশাসনৰ বিষয়াসকলৰে এখন বৈঠকতো মিলিত হয় ৷

মূলতঃ জিলাখনত বানত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে বৈঠকত পৰ্যালোচনা কৰা হয় ৷
শেহতীয়া কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি বান পৰিস্থিতি আৰু সাহায্যৰ বিষয় সম্পৰ্কত বৰপেটা জিলাৰ দায়িত্ব প্ৰদান কৰা মন্ত্ৰী ৰণোজ পেগুৱে কেবিনেট বৈঠকৰ সিদ্ধান্তৰ জাননী (ন'টিফিকেচন) প্ৰকাশৰ পূৰ্বেই বৰপেটাত উপস্থিত হৈ জিলাখনত হোৱা বান ক্ষতিগ্ৰস্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰাৰ লগতে ক্ষয়-ক্ষতিৰ বুজ লয় ৷

মন্ত্ৰীগৰাকীয়ে (Minister Ranoj Pegu) সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, বানাক্ৰান্তক তাৎক্ষণিকভাৱে দিবলগীয়া সাহায্যৰ লগতে বানত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে অতি সোনকালে ক্ষতিপূৰণ আদায় দিব।

উল্লেখ্য, পূৰ্বতে বানত হোৱা ক্ষতিৰ ধন পাবলৈ এবছৰলৈকে অপেক্ষা কৰিব লাগিছিল ৷
সেয়ে এইবেলি চৰকাৰে তাৎক্ষণিকভাৱে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা লৈছে আৰু অহা ৪ দিনৰ ভিতৰত বৰপেটা জিলাৰ ক্ষয়-ক্ষতিৰ তালিকা প্ৰস্তুত কৰি জমা দিয়াৰ নিৰ্দেশ দিয়ে মন্ত্ৰী ৰণোজ পেগুৱে ৷

ইপিনে বানত ক্ষতি হোৱা পথ, মথাউৰি আদি মেৰামতিৰ বাবে শীঘ্ৰে ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ ইপিনে বৰপেটা জিলাত থকা ব্ৰহ্মপুত্ৰ নৈৰ ৩৬ কিলোমিটাৰ মথাউৰি সুৰক্ষিত কৰি ৰখাৰ বাবেও জল সম্পদ বিভাগক নিৰ্দেশনা দিয়ে মন্ত্ৰী ৰণোজ পেগুৱে ৷
জলবায়ু পৰিৱৰ্তন বানৰ এটা অন্যতম কাৰণ বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
Published by:Gautam Barman
First published: