ৰাজ্যৰ কেইবাখনো জিলাত বানৰ সংহাৰী ৰূপ, অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকা

যোৰহাটত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী।

news18assam
Updated:July 10, 2019, 2:08 PM IST
ৰাজ্যৰ কেইবাখনো জিলাত বানৰ সংহাৰী ৰূপ, অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকা
যোৰহাটত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী।
news18assam
Updated: July 10, 2019, 2:08 PM IST
ৰাজ্যৰ কেইবাখনো জিলাত সংহাৰী ৰূপ ধাৰণ কৰিছে বানে। ধেমাজি, লখিমপুৰ, বিশ্বনাথ, বৰপেটা, চিৰাং, গোলাঘাট, যোৰহাট আৰু ডিব্ৰুগড় জিলাত বানত ককবকাইছে বহু লোকে। যোৰহাটত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। আনহাতে, গোলাঘাটত ধনশিৰি, শোণিতপুৰত জিয়াভৰলী, কামৰূপত পুঠিমাৰী আৰু বৰপেটাত বিপদসীমাৰ ওপৰেৰে বৈছে বেকী নৈৰ পানী।

দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, ধেমাজিৰ ৪২খন, লখিমপুৰৰ ৩০খন, বিশ্বনাথৰ দুখন, বৰপেটাৰ ১৭খন, গোলাঘাটৰ ৩১খন, চিৰাঙৰ এখন, যোৰহাটৰ ১৫খন, ডিব্ৰুগড়ৰ ৭খন গাঁওসহ ৰাজ্যৰ মুঠ ১৪৫খন গাঁও বানৰ কবলত পৰিছে।



তথ্য অনুসৰি, বানত আক্ৰান্ত হৈছে ৰাজ্যৰ মুঠ ৬২,৪১৯জন লোক। ইয়াৰ ভিতৰত ধেমাজিৰ ২২,৬২৮জন, লখিমপুৰৰ ১০,১৬৪জন, বিশ্বনাথৰ ৫০০জন, বৰপেটাৰ ৭,৫৬০জন, গোলাঘাটৰ ২,২৪৬জন, চিৰাঙৰ ১,০০০জন, যোৰহাটৰ ১,১৭১জন, ডিব্ৰুগড়ৰ ৭,১৫০জন লোক আক্ৰান্ত হৈছে বানত।



গোলাঘাট জিলাত চাৰিটা সাহায্য শিবিৰ স্থাপন কৰাৰ লগতে যোৰহাটত স্থাপন কৰা হৈছে এটা শিবিৰ। আন ৰাজ্যসমূহত এতিয়ালৈ কোনো সাহায্য শিবিৰ স্থাপন কৰা নাই প্ৰশাসনে।

বানত বুৰ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ। উদ্যানখনৰ বিভিন্ন প্ৰান্ত বানত প্লাৱিত হোৱাৰ ফলত ওখ ঠাইত আশ্ৰয় লৈছে বন্য জন্তুৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি