নেৰানেপেৰা বৰষুণ ফলত ৰাজ্যত অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি। বহুকেইখন জিলাৰ বহু অঞ্চল এতিয়া পানীৰ তলত। হাইলাকান্দি জিলাতো অপৰিৱৰ্তিত বান পৰিস্থিতি।কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলতে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বিভিন্ন স্থানত বান পৰিস্থিতি যথেষ্ট জটিল হৈ পৰিছে।
বৰাক নদীৰ বাঢ়নী পানীয়ে এতিয়ালৈকে আলগাপুৰ সমষ্টিৰ কালীনগৰ আৰু পাঁচগ্ৰাম এলেকাৰ মুঠ ৬ খন গাঁও জলমগ্ন কৰিছে। যাৰ ফলতে ক্ষতিগ্ৰস্থ হৈছে চাৰি শতাধিক পৰিয়াল। ইপিনে, আজি পুৱাৰ ভাগত স্থানীয় বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ সৈতে হাইলাকান্দিৰ জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝা আৰু জিলা প্ৰশাসনৰ বিভিন্ন বিষয়া সকলে নাৱেৰে বানগ্ৰস্থ অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। আনহাতে আজি SDRF দলে পুৱাৰে পৰা উদ্ধাৰ অভিযান চলাই এতিয়ালৈকে জলবন্দী ৩০ টা পৰিৱালক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে।
বান বিধ্বস্ত পৰিয়ালসমূহক আশ্ৰয় দিয়াৰ বাবে পাঁচগ্ৰাম টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত এটা শিবিৰ নিৰ্মাণ কৰিছে জিলা প্ৰশাসনে । লগতে বৃহস্পতিবাৰৰ পৰা ক্ষতিগ্ৰস্থ পৰিয়াল সমূহৰ বাবে বান সাহায্য প্ৰদানৰো ব্যবস্থা কৰা হ'ব বুলি জনাইছে হাইলাকান্দিৰ জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝা'য়ে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|