হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিত ক্ৰমাত তৃতীয় দিনাও অব্যাহত আছে বানৰ তাণ্ডৱ। বৰাক নদীৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰাৰ ফলত আলগাপুৰ সমষ্টিৰ মুঠ ৬খন গাঁৱৰ প্ৰায় ৩,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে৷ ইয়াৰ উপৰি ২০০ হেক্টৰ কৃষিভূমি বানত প্লাবিত হৈছে। বুধবাৰৰ পৰা স্থানীয় কালিনগৰ অঞ্চলৰ অন্নদাচৰণ ছোৱালী উচ্চমাধ্যমিক বিদ্যালয় আৰু পাচগ্ৰাম টাউন হাই স্কুলত জিলা প্ৰশাসনে দুটা সাহায্য শিবিৰ স্থাপন কৰিছে৷
এতিয়ালৈকে প্ৰায় ৩০০টা পৰিয়ালে এই দুটা শিবিৰত আশ্ৰয় লৈছে৷ এই শিবিৰসমূহত থকা লোকসকলক বৰ্তমান ৰন্ধা খাদ্য বিতৰণ কৰা হৈছে৷ লগতে আন ক্ষতিগ্ৰস্ত পৰিয়ালসমূহকো জিলা প্ৰশাসনৰ ফালৰ পৰা সাহায্য সামগ্ৰী বিতৰণ কৰা আৰম্ভ কৰা হৈছে।
ইপিনে, আজি পুৱা এই দুই আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ভাৰতীয় জনতা মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰে। তেওঁ অতিসোনকালে পাচগ্ৰাম এলেকাত প্লাবিত হোৱা ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি বিকল্প পথ খুলি দিয়াৰ আহ্বান জনায়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|