বৰপেটাত বান পৰিস্থিতি জটিল। নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা জিলাত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ দ্রুতগতিত বৃদ্ধি হৈ থকাৰ ফলত বৰপেটা জিলাৰ বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে । নৈকেইখনৰ বাঢ়নী পানীয়ে বৰপেটা আৰু বজালী জিলাৰ ৮টা ৰাজহ চক্ৰৰ শতাধিক গাঁও জলমগ্ন কৰিছে। বিশেষকৈ টিহু, পল্লা আৰু বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ বুৰাই পেলোৱাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইপিনে দীৰ্ঘদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা, বৰপেটা ৰোড, হাউলী আদি চহৰৰ বহু ৱাৰ্ডৰ বাট-পথ পানীত ডুব যোৱাৰ লগতে চহৰসমূহৰ বহু পৰিয়ালৰ ঘৰৰ ভিতৰতো একাঠু পৰ্যন্ত পানীত ডুব গৈছে ৷
বৰপেটাৰ জটিল বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে NDRF, SDRF ৰ জোৱানসকল সাজু হৈ থকাৰ লগতে সেনাবাহিনীৰ সৈতেও যোগাযোগ ৰখা হৈছে ৷ ইপিনে বৰপেটাত কেইবাটাও শিবিৰ স্থাপন কৰা হৈছে যদিও শিবিৰত আশ্ৰয় লোৱা লোকসকলক খাদ্য, খোৱাপানী আদিৰ যোগান নধৰা বুলি অভিযোগ কৰিছে বানাক্ৰান্তই ৷
Published by: Gautam Barman
FIRST PUBLISHED : June 17, 2022, 22:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।