শিলচৰৰ পিছতে এইবাৰ ভাবুকি নামিছে নগাঁও চহৰলৈকে। বিগত ৫ দিনত ন ন অঞ্চল প্লাৱিত কৰিছে কলং নৈৰ বাঢ়নী পানীয়ে। কপিলী নৈৰ বাঢ়নী পানীয়ে কামপুৰ, দক্ষিণপাট, ৰহা, ননৈ আদি অঞ্চল প্লাৱিত কৰাৰ পিছত এতিয়া কলঙে সংহাৰী ৰূপ লৈছে নগাঁৱত। নগাঁৱৰ আয়ুসৰেখা স্বৰূপ শান্ত-সমাহিত কলঙৰ বুকুৰে উজাই বৈছে কপিলীৰ পানী।
শেহতীয়াভাৱে কলং নৈৰ পানীয়ে উফন্দাই পেলোৱা মৰিকলং বিলৰ পৰা তীব্ৰ বেগত পানী বাগৰি জলমগ্ন কৰিছে নগাঁও চহৰৰ মৰিকলং, কচুলুখোৱা, আজাদ নগৰ আদি অঞ্চল। মৰিকলং বিলৰ পৰা এটা কালভাৰ্টৰে অতি বেগত অহা পানীয়ে খহাই নিছে অৱনী শইকীয়া নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহৰ বাৰান্দা। ভাবুকি নামিছে সমগ্ৰ ঘৰটোলৈ।
একেদৰে কলং নৈৰ পানীয়ে প্লাৱিত কৰিছে আমোলাপট্টিৰ জখলাবন্ধা সত্ৰ সংযোগী পথটো। বানত ডুব গৈছে চহৰখনৰ ১৯নং ৱাৰ্ড, ভূঞাপট্টি, শেণছোৱা আদিৰ লগতে বহু ঠাই। কলং নৈৰ মেটেকাই ভাবুকি কঢ়িয়াইছে চহৰখনৰ কেইবাখনো দলঙলৈ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 23, 2022, 08:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|