உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বৰপেটাৰ সৰুক্ষেত্ৰীত পঞ্চায়ত সদস্যাৰ স্বামীয়ে চুৰি কৰিলে বান সাহায্যৰ দাইল

    বৰপেটাৰ সৰুক্ষেত্ৰীত পঞ্চায়ত সদস্যাৰ স্বামীয়ে চুৰি কৰিলে বান সাহায্যৰ দাইল

    যিসময়ত বানাক্ৰান্ত জনতাই এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তেনে সময়তে এগৰাকী জনপ্ৰতিনিধিৰ পৰিয়ালৰ লোকে বান সাহায্য চুৰি কৰা ঘটনাক সহজভাৱে লোৱা নাই গাঁওবাসীয়ে৷

    • Share this:
    বৰপেটাৰ সৰুক্ষেত্রীৰ বেতবাৰী পাথাৰ গাঁৱত বান সাহায্যৰ সামগ্ৰী চুৰি৷ গাঁও পঞ্চায়তৰ সদস্যা বিলকিচ জাহানৰ স্ব‍ামী আইনুদ্দিন নামৰ লোকজনে চুৰি কৰিলে বান সাহায্যৰ দাইল৷ বৰপেটাৰ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ ৮নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা৷
    পঞ্চায়ত সদস্যাগৰাকীৰ স্বামী আইনুদ্দিনে বান সাহায্যৰ ১ বস্তা দাইল চুৰি কৰি বিক্ৰী কৰিছিল এখন দোকানত৷

    গাঁওবুঢ়াৰ পৰা এই কথা জনাৰ পিছতে ইয়াকে লৈ গাঁওখনত সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ৷ যিসময়ত বানাক্ৰান্ত জনতাই এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তেনে সময়তে এগৰাকী জনপ্ৰতিনিধিৰ পৰিয়ালৰ লোকে বান সাহায্য চুৰি কৰা ঘটনাক সহজভাৱে লোৱা নাই গাঁওবাসীয়ে৷ এইক্ষেত্ৰত প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে গাঁওবাসীয়ে।
    Published by:Sanjay Kumar Das
    First published: