চামগুৰিত পাঁচ শতাধিক বানাক্ৰান্তক বানসাহায্য বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ

বানবিধস্ত চামগুৰিৰ লাওখোৱাত শণিবাৰে বানসাহায্য বিতৰণ কৰিলে চাৰিটাকৈ স্বেচ্ছাসেৱী সংগঠনে

News18-Assam
Updated:August 17, 2019, 9:30 PM IST
চামগুৰিত পাঁচ শতাধিক বানাক্ৰান্তক বানসাহায্য বিতৰণ স্বেচ্ছাসেৱী সংগঠনৰ
বানবিধস্ত চামগুৰিৰ লাওখোৱাত শণিবাৰে বানসাহায্য বিতৰণ কৰিলে চাৰিটাকৈ স্বেচ্ছাসেৱী সংগঠনে
News18-Assam
Updated: August 17, 2019, 9:30 PM IST
নীলোৎপল বৰা: বানবিধস্ত চামগুৰিৰ লাওখোৱাত শণিবাৰে বানসাহায্য বিতৰণ কৰিলে চাৰিটাকৈ স্বেচ্ছাসেৱী সংগঠনে।মীৰদান ৱেলফেয়াৰ চ'ছাইটি, ড্ৰীমছ প্ৰডাকছন, অংকুৰিত অসম আৰু বাংগালোৰ অসম এচ'ছিয়েছনৰ উদ্যোগত পাঁচ শতাধিক পৰিয়ালক বান সাহায্য প্ৰদান কৰা হয়। সাহায্য বিতৰণ অনুষ্ঠানত মিৰদান ৱেলফেয়াৰ চ'ছাইটি আৰু অংকুৰিত অসমৰ হৈ প্ৰিয়ংকা বৰুৱা, ৰাহুল মোডী, ৰমেশ ছেত্ৰী,অনুপম হাজৰিকা আৰু নাছিৰ হুছেইন উপস্থিত থাকে। দলটোক সহযোগ কৰে চামগুৰিৰ সমাজকৰ্মী লানু হাজৰিকাই। চামগুৰিৰ ১নং, ২নং আৰু ৩নং ভুৰবন্ধাত দলটোৱে পাচশতাধিক বানাক্ৰান্ত পৰিয়ালৰ মাজত শিশুৰ খাদ্য, কাপোৰ, চাবোন, টুথপেষ্ট আৰু বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে। দলটোৱে আনকি অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহটো গৈ সাহায্য বিতৰণ কৰে। গুৱাহাটীৰ পৰা অহা দলটোৱে চামগুৰিৰ বানবিধস্ত অঞ্চলৰ ৰাইজক বানসাহায্য বিতৰণ কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ বিভিন্ন সমস্যাৰো বুজ লয়। আনহাতে সুদূৰ বাংগালোৰত থাকি চামগুৰি বাসীৰ দুখৰ সময়ত থিয় দিয়া বাংগালোৰ অসম চ'ছাইটিক চামগুৰিৰ ৰাইজে ধন্যবাদ জনাইছে।
আৰু চাওক পৰৱৰ্তী বাতৰি