বানপানীৰ কবলত লখিমপুৰ–বিশ্বনাথৰ বিস্তীৰ্ণ অঞ্চল

লখিমপুৰত অপৰিৱৰ্তিত বান পৰিস্থিতি। অৰুণাচলৰ পৰা নামি অহা পানীৰ ধলে প্লাৱিত কৰিলে বিশ্বনাথৰ পাভৈৰ বিস্তীৰ্ণ অঞ্চল৷

news18assam
Updated:July 3, 2019, 10:00 AM IST
বানপানীৰ কবলত লখিমপুৰ–বিশ্বনাথৰ বিস্তীৰ্ণ অঞ্চল
লখিমপুৰত অপৰিৱৰ্তিত বান পৰিস্থিতি। অৰুণাচলৰ পৰা নামি অহা পানীৰ ধলে প্লাৱিত কৰিলে বিশ্বনাথৰ পাভৈৰ বিস্তীৰ্ণ অঞ্চল৷
news18assam
Updated: July 3, 2019, 10:00 AM IST
লখিমপুৰত অপৰিৱৰ্তিত বান পৰিস্থিতি। আজিও কাকৈ নৈৰ বানত প্লাৱিত লখিমপুৰৰ ১নং আদৰ্শ হিন্দু গাওঁ । বান-গৰাখহনিয়াৰ কবলত পৰি ,ঘৰ-ভেটি সৰ্বস্ব হেৰোওৱা ১৫৩টা পৰিয়ালক ২০১৮ বৰ্ষত সংস্থাপন দিছিল এই ১নং আদৰ্শ হিন্দু গাঁৱত। পিছে বিপদে আজিও লগ এৰা নাই গাওঁবাসীক। বছৰটোৰ বাৰিষাৰ প্ৰথম অৱস্থাৰ পৰাই কাকৈ নৈৰ বানত প্লাৱিত হৈ আছে ১নং আদৰ্শ হিন্দু গাওঁ। খাদ্য, বস্ত্ৰ বাসস্থানৰ বাবে হাহাকাৰ কৰি আছে বন্যাৰ্তই। আনকি এটুপি খোৱাপানীৰ বাবে এতিয়া হাহাকাৰ কৰিছে আদৰ্শ গাঁৱৰ ৰাইজে। কিন্তু ৰাইজৰ খবৰ ল'বলৈ আহৰি নাই স্থানীয় জনপ্ৰতিনিধিৰ লগতে বিভাগীয় মন্ত্ৰী–আমোলা বিষয়াৰ।

অৰুণাচলৰ পৰা নামি অহা পানীৰ ধলে প্লাৱিত কৰিলে বিশ্বনাথৰ পাভৈৰ বিস্তীৰ্ণ অঞ্চল৷ বানৰ কৱলত পৰিছে ৫ খন গাঁৱৰ অঞ্চলটোৰ দুই শতাধিক পৰিয়াল৷ বানত বুৰ গ'ল পাভৈ পাছ আলিৰ পৰা পাভৈ চাহ বাগিছালৈ যোৱা পথ৷ পাভৈ বালিচাং সংযোগী পথো পানীয়ে বুৰাই পেলোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অকল এয়াই নহয় সাংসদ পল্লৱলোচন দাসৰ ঘৰলৈ যোৱা পথটোও বুৰ গ'ল বানত।
আৰু চাওক পৰৱৰ্তী বাতৰি