মনি অসমতো সংহাৰী ৰূপ লৈছে বানে। নলবাৰী, কামৰূপ, বঙাইগাঁও আদি জিলাত বানত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল।
মনি অসমতো সংহাৰী ৰূপ লৈছে বানে। নলবাৰী, কামৰূপ, বঙাইগাঁও আদি জিলাত বানত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল।
কোৰোণা ভাইৰাছত বিভীষিকাৰ মাজতে ৰাজ্যত এতিয়া বানৰ সংহাৰ। নেৰানেপেৰা বৰষুণত ফেনে–ফোটোকাৰে বাঢ়ি আহিছে ৰাজ্যৰ নৈ–উপনৈসমূহ। বিভিন্ন স্থানত নৈৰ কোবাল সোঁতে মথাউৰি–পথ চিঙি নিয়াৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বানত জুৰুলা হৈছে শ শ পৰিয়াল।
হোজাইত কপিলীৰ সংহাৰী ৰূপ। কপিলীৰ বাঢ়নী পানীয়ে বুৰাইছে হোজাইৰ বিস্তীৰ্ণ এলেকা। বানৰ কবলত ৰাইকাটা, চন্দনপুৰ, ইছলামপুৰ,ডিমাছাগাঁও, থেপেলাগুৰি, কেন্দ্ৰগুৰি, হাতীমূৰা, শিৱপুৰ, ৰাজবাৰী, জাতিওৰা, নভঙা, লস্কৰপথাৰ, যমুনাচিত, দৰজিচিত আদি ঠাই। জলবন্ধী হৈ আছে বহু পৰিয়াল। হোজাই আৰু টুম্পপ্ৰেং সংযোগী গড়কাপ্তানী পথেৰে পানী বাগৰাত ব্যাহত হৈ পৰিছে যাতায়াত।
আনহাতে, নামনি অসমতো সংহাৰী ৰূপ লৈছে বানে। নলবাৰী, কামৰূপ, বঙাইগাঁও আদি জিলাত বানত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল। ঘৰ–দুৱাৰ বানে বুৰাই পেলোৱাৰ লগতে জলমগ্ন হৈ পৰিছে বহু কৃষিভূমি। ফলত মূৰে–কপালে হাত দিবলগীয়া হৈছে বহু কৃষকে। বিভিন্ন স্থানত কাঠ–বাঁহৰ দলং উটুৱাই নিয়াৰ ফলত ব্যাহত হৈছে যাতায়াত।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|