বানত বুৰিল কাকপথাৰৰ অৰ্ধশতাধিক গাঁও, অসম–অৰুণাচল সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বাগৰিছে ঢল

বহুলোকৰ পুখুৰী পানীয়ে বুৰাই পেলোৱাৰ ফলত এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে মাছ পুঁহি স্বাৱলম্বী হবলৈ পণ লোৱা বহু নিবনুৱা যুৱক ৷
বহুলোকৰ পুখুৰী পানীয়ে বুৰাই পেলোৱাৰ ফলত এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে মাছ পুঁহি স্বাৱলম্বী হবলৈ পণ লোৱা বহু নিবনুৱা যুৱক ৷
- News18 Assam
- Last Updated: June 24, 2020, 5:07 PM IST
শ শ পৰিয়ালৰ ঘৰৰ ভিতৰত পানী সোমোৱাত বয় বস্তু নষ্ট হোৱাৰ লগতে গাঁৱৰ ৰাইজে নিজকে সুৰক্ষিত কৰি জীৱন বচাবৰ বাবে ওখ ঠাইত অৱস্থান কৰিছে ৷ অসম অৰুণাচল সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰে পানী যোৱাৰ ফলত সংযোগ বিছিন্ন হোৱাৰ দিশে অসম অৰুণাচল প্ৰদেশৰ ৷ লগতে সৰু সৰু কেইবাটাও পথ পানীৰে উতোৱাই নিয়াৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷
পশুধন, ঘৰৰ যাবতীয় বস্তু সমুহক লৈ এতিয়া বিপাঙত পৰিছো পঞ্চাশখন গাঁৱৰ বাসিন্দা ৷ লগতে অঞ্চলটোত বহুলোকৰ পুখুৰী পানীয়ে বুৰাই পেলোৱাৰ ফলত এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে মাছ পুঁহি স্বাৱলম্বী হবলৈ পণ লোৱা বহু নিবনুৱা যুৱক ৷