লখিমপুৰত প্ৰলয়ৰ আশংকা! নীপকোৱে এৰি দিলে ৰঙানদীৰ পানী

জিলাখনত সতৰ্কবাণী জাৰি কৰিছে জিলা প্ৰশাসনে।

news18assam
Updated:July 9, 2019, 8:29 AM IST
লখিমপুৰত প্ৰলয়ৰ আশংকা! নীপকোৱে এৰি দিলে ৰঙানদীৰ পানী
জিলাখনত সতৰ্কবাণী জাৰি কৰিছে জিলা প্ৰশাসনে।
news18assam
Updated: July 9, 2019, 8:29 AM IST
ৰঙানদী আৰু সোৱণশিৰিৰ বানত প্লাৱিত হৈছে লখিমপুৰৰ বহুকেইখন গাঁও। ধাৰাসাৰ বৰষুণৰ উপৰি ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফলত ফেনে–ফোটোকাৰে বাঢ়িছে ৰঙানদীৰ জলপৃষ্ঠ। আজি পুৱা পুনৰ নীপকোৱে ৩ মিটাৰ খুলি দিলে এখন গে’ট। বানত ককবকাইছে জিলাখনৰ বহুকেইখন গাঁৱৰ ৰাইজ। জিলাখনত সতৰ্কবাণী জাৰি কৰিছে জিলা প্ৰশাসনে।
আৰু চাওক পৰৱৰ্তী বাতৰি