ইপিনে, যোৱানিশা বৰাক নৈত ঘৰ খহি যোৱাৰ সময়ত কথমপি প্ৰাণ ৰক্ষা পৰে এটা পৰিয়ালৰ। বৰ্তমানেও বহু পৰিয়াল শংকাৰ মাজেৰে দিন পাৰ কৰিছে। কিন্তু ইমানোৰ পিছতো এই অঞ্চলত জলসম্পদ বিভাগ, জিলা প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই। স্থানীয় বিধায়ক বা সাংসদেও এতিয়ালৈকে এই সমস্যাৰে জৰ্জৰিত এলেকাত উপস্থিত হোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাই।