ৰাজ্যৰ আন বহু জিলাৰ সমান্তৰালকৈ হাইলাকান্দি জিলাতো অব্যাহত আছে বানৰ তাণ্ডব। বিগত দিনকেইটাত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলতে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বিভিন্ন স্থানত বান পৰিস্থিতি যথেষ্ট জটিল হৈ পৰিছে। বৰাক নদীৰ বাঢ়নী পানীয়ে এতিয়ালৈকে আলগাপুৰ সমষ্টিৰ কেইবাখনো গাঁও জলমগ্ন কৰিছে।
বিশেষকৈ স্থানীয় কালীনগৰ দ্বিতীয় খণ্ড গাঁৱত প্ৰায় শতাধিক পৰিয়াল জলবন্দী হৈ পৰিছে। ফলতে অঞ্চলটোৰ সাধাৰণ ৰাইজৰ মাজতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি পুৱাৰ ভাগত স্থানীয় বিধায়ক নিজাম উদ্দিন চৌধুৰী নাৱেৰে গাঁওখনত উপস্হিত হৈ পৰিস্থিতিৰ বুজ লয়। লগতে সামান্য আৰ্থিক সাহায্যও প্ৰদান কৰে বিধায়কগৰাকীয়ে।
কিন্তু আচৰিতভাৱে হাইলাকান্দি জিলা প্ৰশাসনে এতিয়ালৈকে এই জলবন্দী পৰিয়ালসমূহক উদ্ধাৰৰ বাবে কোনো পদক্ষেপ গ্ৰহন কৰা নাই। বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে বানাক্ৰান্তক অতি সোনকালে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা আৰু সাহায্য সামগ্ৰী দিয়াৰ ব্যবস্থা কৰিবলৈ আহ্বান জনাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|