মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত বানৰ বিভীষিকা

বছৰৰৰ প্ৰথমটো বানত বুৰিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটা গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চল। নেৰানেপেৰা বৰষুণৰ ফলত ফেনে–ফোটোকাৰে ওফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ পানী।

news18assam
Updated:May 13, 2019, 3:29 PM IST
মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত বানৰ বিভীষিকা
বছৰৰৰ প্ৰথমটো বানত বুৰিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটা গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চল। নেৰানেপেৰা বৰষুণৰ ফলত ফেনে–ফোটোকাৰে ওফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ পানী।
news18assam
Updated: May 13, 2019, 3:29 PM IST
মুখ্যমন্ত্ৰীৰ গৃহভূমি চাবুৱাত এতিয়া বানৰ বিভীষিকা। বছৰৰ প্ৰথমটো বানত বুৰিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটা গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চল। নেৰানেপেৰা বৰষুণৰ ফলত ফেনে–ফোটোকাৰে ওফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ পানী। বাঢ়নী পানীত বুৰিছে ইখনৰ পিছত সিখন গাঁও।

ইতিমধ্যে বানত বুৰিছে বিন্ধাকটা পঞ্চায়তৰ অন্তৰ্গত লাইকা, দধিয়া, মিৰিগাঁও, টেঙাবাৰী, নেপালী গেৰেকী গাঁৱকে ধৰি আঠখন গাঁও। বানে ঘৰ–দুৱাৰ বুৰাই পেলোৱাত আশ্ৰয়হীন হৈ পৰিছে শতাধিক লোক। বানত প্লাৱিত হৈছে শ শ বিঘা কৃষিভূমি।
আৰু চাওক পৰৱৰ্তী বাতৰি