ৰাজ্যজুৰি বানৰ বিভীষিকা, নুমলীগড়ত এজনৰ মৃত্যু, মৰিগাঁও–মঙলদৈত ছিগিল মথাউৰি

হাজোত বাঢ়নী পানীত উটি গ’ল বৰ্ণি-বচৰলি সংযোগী কাঠৰ দলং। ৫০খন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি।

news18assam
Updated:July 12, 2019, 10:55 AM IST
ৰাজ্যজুৰি বানৰ বিভীষিকা, নুমলীগড়ত এজনৰ মৃত্যু, মৰিগাঁও–মঙলদৈত ছিগিল মথাউৰি
হাজোত বাঢ়নী পানীত উটি গ’ল বৰ্ণি-বচৰলি সংযোগী কাঠৰ দলং। ৫০খন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি।
news18assam
Updated: July 12, 2019, 10:55 AM IST
ৰাজ্যজুৰি এতিয়া বানৰ বিভীষিকা। নুমলীগড়ৰ কমাৰগাঁও হাঁহচৰাত বানত মৃত্যু এজন লোকৰ মৃত্যু হৈছে। মাছ মাৰিবলৈ গৈ বাঢ়নী পানীত পৰি মৃত্যু সাগৰ ভূঞা নামৰ লোকজনৰ। সাগৰৰ লগত যোৱা পিকু হাজৰিকা নামৰ আন এজন এতিয়াও সন্ধানহীন হৈ আছে। এখন নাৱত উঠি মাছ মাৰিবলৈ গৈছিল দুয়োজন।



হাজোত ক্ৰমাত্‍ বৃদ্ধি পাইছে পুঠিমাৰী নৈৰ জলস্তৰ। বাঢ়নী পানীত উটি গ’ল বৰ্ণি-বচৰলি সংযোগী কাঠৰ দলং। ৫০খন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰ্ণি আৰু বৰচলিৰ মাজত বন্ধ হৈ পৰিছে যাতায়াত।



চন্দ্ৰপুৰত কলং নৈৰ বানত আবদ্ধ তিনিটা বন্যহস্তী। চন্দ্ৰপুৰৰ বৰবিলাত আবদ্ধ বনৰীয়া হাতী তিনিটা। খাদ্যৰ সন্ধানত ওলাই আহি বানত আবদ্ধ হৈ পৰে হাতীকেইটা।

আনহাতে, হোজাইৰ বানৰ কবলত পৰিছে ঠেপেলাগুৰি বনাঞ্চল। আশ্ৰয় বিচাৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে হাতী। হোজাইৰ ৰাজবাৰী গাঁৱত বিচৰণ হাতীৰ জাকৰ।

অপৰিৱৰ্তিত হৈ আছে মৰিগাঁও জিলাৰ বান পৰিস্থিতি। জিলাখনৰ ৪০-৫০খন গাঁও প্লাৱিত হৈছে বানত। নিশা লুইতৰ বাঢ়নী পানীয়ে ছিঙিলে টেঙাগুৰি কছাৰীগাঁৱৰ ৰিংবান্ধ। পথৰ ওপৰতে আশ্ৰয় লৈছে বানাক্ৰান্ত ৰাইজে।



লুইতৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ। কামৰূপ জিলা প্ৰশাসনে জাৰি কৰিছে নিষেধাজ্ঞা। দৌল গোবিন্দৰ পৰা গুৱাহাটীলৈ চলিছে পৰিবহণ নিগমৰ বাছ।



মঙলদৈত নোৱানদীৰ বাঢ়নী পানীয়ে ছিঙিলে মথাউৰি। নগৰবাঁহী কানাইচুৱাৰ বাওঁপাৰৰ মথাউৰিৰ প্ৰায় ৩০ ফুট অংশ ছিঙিলে বানে। মথাউৰিটো ছিঙাত প্লাৱিত হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল। নোৱানদীৰ বাঢ়নী পানীৰ কবলত কেইবাখনো গাঁও।
আৰু চাওক পৰৱৰ্তী বাতৰি