এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বন্যাৰ্তই।
এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বন্যাৰ্তই।
চতুৰ্থ দিনাও অপৰিৱৰ্তিত হৈ আছে কামপুৰৰ বান পৰিস্থিতি। চৌদিশে কেৱল পানী আৰু পানী। সাগৰসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া কামপুৰৰ বিভিন্ন অঞ্চলত। ভয়াৱহ হৈ পৰিছে কামপুৰৰ বান পৰিস্থিতি। কামপুৰত কপিলী, বৰপানী নদীৰ সমান্তৰালকৈ এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে নিশাৰী নৈয়ে।
নিশাৰী নৈ বানে তেতেলীসৰা গ্ৰাণ্টৰ প্ৰায় ১৬খনকৈ গাঁওক প্লাৱিত কৰাৰ ফলত অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। জলমগ্ন হৈ পৰিছে কামপুৰৰ বিস্তীৰ্ণ অঞ্চল।প্লাৱিত হৈছে ইটোৰ পাছত সিটো অঞ্চল (Flood In Kampur, Assam)। কপিলীৰ বানে ছিঙিছে ইটোৰ পাছত সিটো মথাউৰি ।
আতংকিত নৈপৰীয়াৰ লগতে নাজল-নাথল অৱস্থা হৈছে পশুধনসমূহৰো। একাংশ বানাক্ৰান্তই নিজ গৃহতে আবদ্ধ হৈ থাকিবলগীয়া পৰিৱেশো সৃষ্টি হোৱাৰ বিপৰীতে বহু বন্যাৰ্তই নিজ ঘৰ-দুৱাৰ এৰি এতিয়া টালি-টোপোলা আৰু পশুধনক লগত লৈ ওখ স্থানলৈ ঢাপলি মেলিছে।
ইপিনে নিশাৰীৰ বাঢ়নী পানী কামপুৰ-কঠীয়াতলী সংযোগী গড়কাপ্টানী পথৰ ওপৰেৰে বাগৰাৰ ফলত স্থানীয় প্ৰশাসনে পথটোৰে যাতায়াত সাময়িকভাৱে বন্ধ কৰি দিছে। পানী কমিলেহে পথটো খুলি দিয়া হ'ব বুলি জানিবলৈ দিছে। ইফালে তেতেলীসৰা গ্ৰান্টৰ বানত আক্ৰান্ত ৰাইজে এতিয়া আশ্ৰয় ল'ব লগা হৈছে বিদ্যালয়ত। আশ্ৰয় লৈছে যদিও আশ্রয়স্থলীত পানী হোৱাত পুনৰ নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।গ্ৰাণ্টৰ ডেৰশৰো অধিক পৰিয়াল বানৰ কবলত। এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বন্যাৰ্তই।জিলা প্ৰশাসনৰ ফালৰ পৰা বন্যাৰ্তসকলক কেৱল চিৰা আৰু চেনি যোগান ধৰা হৈছে বুলি বানাক্ৰান্তসকলে জানিবলৈ দিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|