உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Flood in Assam: কামপুৰত কপিলী নদীৰ বানে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ। বানত উটি গ'ল দুজন কিশোৰ ৷

    Flood in Assam: কামপুৰত কপিলী নদীৰ বানে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতিৰ। বানত উটি গ'ল দুজন কিশোৰ ৷

    Flood in Assam: কপিলীৰ বানত উটি গ'ল দুজন কিশোৰ। এজনক সৌভাগ্যক্ৰমে উদ্ধাৰ।

    Flood in Assam: কপিলীৰ বানত উটি গ'ল দুজন কিশোৰ। এজনক সৌভাগ্যক্ৰমে উদ্ধাৰ।

    Flood in Assam: কপিলীৰ বানত উটি গ'ল দুজন কিশোৰ। এজনক সৌভাগ্যক্ৰমে উদ্ধাৰ।

    • Share this:
    কামপুৰত আজিও অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ কপিলী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ ইখনৰ পাছত সিখনকৈ গাঁও ৷ প্ৰায় ৫০খন গাঁও বানৰ কবলত ৷

    কামপুৰ গাৰোখুন্দাৰ মথাউৰি ভঙাৰ ফলত চাইবুক গাঁওকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে। কামপুৰৰ বানৰ ভয়াৱহতাৰ মাজতেই কামপুৰত সোমবাৰে বিয়লি বানত উটি গ'ল দুজন কিশোৰ ৷ কামপুৰ কুঁহিমাৰীত সংঘটিত হয় এই শোকাৱহ ঘটনা ৷ কিশোৰ দুজন বিনন্দ নাথ আৰু আশিস নাথ ৷ ইয়াৰে এজনক স্থানীয় ৰাইজে তৎপৰতাৰে জীৱন্তে উদ্ধাৰ কৰিলে যদিও আনজন এতিয়াও সন্ধানহীন হৈ আছে৷ আশিস নাথক স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল যদিও বিনন্দ নাথ বৰ্তমানো সন্ধানহীন হৈ আছে ৷

    উল্লেখযোগ্য যে বানপানী চাবলৈ গৈ দূৰ্ভাগ্যজনকভাবে পিছলি পানীত পৰিছিল দুই কিশোৰ ৷ সন্ধানহীন কিশোৰজন উদ্ধাৰৰ উদ্দেশ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে এছ ডি আৰ এফ বাহিনীৰ দল ৷
    Published by:Manjumoni Borah
    First published: