• Home
  • »
  • News
  • »
  • assam
  • »
  • Flood in Assam: ব'হাগৰ বাৰিষাত বানৰ তাণ্ডৱ। কামপুৰত বছৰৰ প্ৰথমটো বানতে মাথাউৰী ছিঙি সোমাইছে পানী

Flood in Assam: ব'হাগৰ বাৰিষাত বানৰ তাণ্ডৱ। কামপুৰত বছৰৰ প্ৰথমটো বানতে মাথাউৰী ছিঙি সোমাইছে পানী

Flood in Assam: কামপুৰ-যমুনামুখ সংযোগী গড়কাপ্তানী পথৰ ওপৰে পানী বাগৰি অহাত বন্ধ হৈ পৰে যাতায়ত। 

Flood in Assam: কামপুৰ-যমুনামুখ সংযোগী গড়কাপ্তানী পথৰ ওপৰে পানী বাগৰি অহাত বন্ধ হৈ পৰে যাতায়ত। 

Flood in Assam: কামপুৰ-যমুনামুখ সংযোগী গড়কাপ্তানী পথৰ ওপৰে পানী বাগৰি অহাত বন্ধ হৈ পৰে যাতায়ত। 

  • Share this:
বছৰটোৰ প্ৰথমটো বানে (Flood) প্লাবিত কৰিছে কামপুৰ (Kampur)ৰ ন ন অঞ্চল। নেৰানেপেৰা বৰষুণৰ ফলত কামপুৰত কপিলী (Kapili) নদীয়ে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ কামপুৰত কপিলী নদীৰ এতিয়া কালৰূপত শ‌ংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ।

কামপুৰ পতিয়াপামৰ মাথাউৰী ছিঙি হুৰাহুৰে সোমাইছে পানী। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত। কামপুৰ-যমুনামুখ সংযোগী গড়কাপ্তানী পথৰ ওপৰে পানী বাগৰি অহাত বন্ধ হৈ পৰিছে যাতায়ত।

ইফালে কামপুৰ বকুলগুৰি কাৰ্বিআংলং সংযোগী গড়কাপ্তানি পথৰ ওপৰত একঁকাল পৰ্যন্ত পানী হোৱাত যাতায়ত বন্ধ হৈ পৰিছে। বকুলগুৰি, নলাপাৰ, চিমলাইকে ধৰি কেইবাখনো গাঁও পৰিছে বানৰ কবলত ৷

বানৰ কবলত পৰিছে অঞ্চলসমূহৰ বৃহত্তৰ কৃষি ভূমি। বড়ো ধানৰ খেতি কটাৰ সময়তে এনেদৰে অহা বানৰ ফলত এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে চহা কৃষকৰ মাজত।
Published by:Manjumoni Borah
First published: