ৰঙিয়াত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল, এছডিআৰএফৰ উদ্ধাৰ অভিযান

News18 Assam | News18-Assam
Updated:June 29, 2020, 9:47 AM IST
ৰঙিয়াত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল, এছডিআৰএফৰ উদ্ধাৰ অভিযান
বানৰ ফলত বহু লোক ঘৰতে আবদ্ধ হৈ পৰে। পিছত এছডিআৰ‌এফ বাহিনীয়ে হাছানটুকত উদ্ধাৰ অভিযান চলায়।

বানৰ ফলত বহু লোক ঘৰতে আবদ্ধ হৈ পৰে। পিছত এছডিআৰ‌এফ বাহিনীয়ে হাছানটুকত উদ্ধাৰ অভিযান চলায়।

  • Share this:
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াৰ কেইবাটাও অঞ্চলত বানে বিভীষিকাৰ সৃষ্টি কৰিছে। ৰঙিয়াৰ মাজেৰে প্ৰবাহিত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। মুষলধাৰ বৰষুণৰ বাবে বিপদ সীমাৰ ওপৰেৰে বৈ যোৱা বৰলীয়া নৈৰ পানী বাগৰাৰ ফলত হাছানটুক অঞ্চল জলমগ্ন হৈ পৰে। ইয়াৰ উপৰি তৰণী, জয়ন্তীপুৰ, দলেগাঁও, চেনিমাৰা, বিহাপাৰা, কৰাৰা আদি অঞ্চলৰ বহু লোকৰ বাসগৃহ পানীৰে বুৰ গৈছে।

বানৰ ফলত বহু লোক ঘৰতে আবদ্ধ হৈ পৰে। পিছত এছডিআৰ‌এফ বাহিনীয়ে হাছানটুকত উদ্ধাৰ অভিযান চলায়। প্লাবিত অঞ্চলত আৱদ্ধ হৈ থকা বহু লোকক উদ্ধাৰ কৰি আশ্ৰয় শিবিৰলৈ নিয়ে অভিযানকাৰী দলটোৱে। ইফালে বানাক্ৰান্ত স্থানত প্ৰশাসনে এছডিআৰ‌এফৰ সহযোগত আশ্ৰয় শিবিৰলৈ তাৎক্ষণিকভাৱে মণ্ডল আৰু গাঁওবুঢ়াৰ লগতে স্বাস্থ্য বিভাগৰ দল এটা পঠিয়াই খাদ্য সামগ্ৰী আৰু চিকিৎসাৰ ব্যৱস্থা কৰে।
First published: June 29, 2020, 9:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading