মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Deer in Police Bus : উদক ভেটা ৰখীয়া পতা! আৰক্ষীৰ বাছতে ওলাল কাজিৰঙাৰ বন্যাৰ্ত পহু, জব্দ বাছ, আটক জোৱান

Deer in Police Bus : উদক ভেটা ৰখীয়া পতা! আৰক্ষীৰ বাছতে ওলাল কাজিৰঙাৰ বন্যাৰ্ত পহু, জব্দ বাছ, আটক জোৱান

News18 Assam | News18-Assam
Updated:August 31, 2021, 9:19 PM IST
Deer in Police Bus : উদক ভেটা ৰখীয়া পতা! আৰক্ষীৰ বাছতে ওলাল কাজিৰঙাৰ বন্যাৰ্ত পহু, জব্দ বাছ, আটক জোৱান
বাগৰী বনাঞ্চলৰ অধীনৰ হাৰমতীত আহত অৱস্থাত ৰাস্তাৰ দাতিত পোৱা পহুক এখন খালি বাছত উঠাই লৈ নগাঁও অভিমুখে লৈ যোৱাৰ চেষ্টা কৰিছিল জোৱানজনে।

বাগৰী বনাঞ্চলৰ অধীনৰ হাৰমতীত আহত অৱস্থাত ৰাস্তাৰ দাতিত পোৱা পহুক এখন খালি বাছত উঠাই লৈ নগাঁও অভিমুখে লৈ যোৱাৰ চেষ্টা কৰিছিল জোৱানজনে।

  • Share this:
বানত জলমগ্ন কাজিৰঙা (Kaziranga)ত এতিয়া বন্যপ্ৰাণীৰ হাহাকাৰ। নিৰাপদ আশ্ৰয় বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ দক্ষিণৰ কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে বন্যপ্ৰাণীসমূহে। কিন্তু এনে সময়তে একাংশ লোকে দিছে নিকৃষ্ট মানসিকতাৰ পৰিচয়। ইতিমধ্যে বানত উটি অহা দুটাকৈ পহু এনে দুৰ্বৃত্তৰ হাতত নিধন হৈছে। কিন্তু ইয়াৰ মাজতে মংগলবাৰে সংঘটিত হয় আন এক দুৰ্ভাগ্যজনক ঘটনা। কাজিৰঙাৰ পৰা ওলাই অহা এটা আঘাতপ্ৰাপ্ত পহু (Injured Deer)ক গাড়ীত উঠাই লৈ পলায়নৰ চেষ্টা 9 APBN ৰ এজন জোৱানৰ।

অভিযোগ অনুসৰি বাগৰী বনাঞ্চলৰ অধীনৰ হাৰমতীত আহত অৱস্থাত ৰাস্তাৰ দাতিত পোৱা পহুক এখন খালি বাছত উঠাই লৈ নগাঁও অভিমুখে লৈ যোৱাৰ চেষ্টা কৰিছিল জোৱানজনে। AS-30-3822 নম্বৰৰ অসম আৰক্ষীৰ বাহনখনৰ চালক জোৱান জনৰ নাম হেমন্ত সন্দিকৈ।

পৰৱৰ্তী সময়ত গোপন তথ্যৰ পম খেদি বন বিভাগ আৰু আৰক্ষীয়ে কাঞ্চনজুৰী মালানি বনশিবিৰ এলেকাৰ এনিমেল কৰিডৰ সমীপত পহুটোৰ সৈতে জব্দ কৰে বাহনখন।আনহাতে পহুটোক গাড়ীত উঠোৱাত সহযোগ কৰা আন এখন গাড়ীৰ চালককো আটক কৰে বন বিভাগে। ইপিনে অভিযুক্ত জোৱানজনে পহুটো বন বিভাগক গতাই দিবলৈ গাড়ীত উঠাই অনা বুলি প্ৰকাশ কৰে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বন বিভাগ আৰু আৰক্ষীয়ে।
Published by: Manjumoni Borah
First published: August 31, 2021, 8:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি