দুটাকৈ বানত বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ৫টা গঁড়সহ এইপৰ্যন্ত ৯৬ টা বন্যজন্তুৰ মৃত্যু

Tulika Devi | News18-Assam
Updated:July 18, 2020, 3:45 PM IST

  • Share this:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৮৫ শতাংশ এলেকা বৰ্তমানেও বানৰ কৱলত ৷ দুটাকৈ বানে ভাৰাক্ৰান্ত কৰি পেলোৱা ৰাষ্ট্ৰীয় কাজিৰঙাত এতিয়া ভাগৰুৱা জীৱকুল। ক’ৰবাত যদি সৰীসৃপে আশ্ৰয় লৈছে গছৰ ওপৰত আকৌ ক’ৰবাত বন্যজন্তু উদ্যানৰ পৰা ওলাই অহাৰ ফলত আতংকৰ সৃষ্টি জনাঞ্চলত। সমান্তৰালভাৱে দিনে নিশাই কৰ্তব্য পালন কৰি অৱশ হৈ পৰিছে বনকৰ্মী সকলো ৷





তাৰ মাজতে বন্য জীৱকুলৰ চলিছে জীৱন ৰক্ষাৰ সংগ্ৰাম ৷ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে সষ্টম বনকৰ্মী ৷ বানৰ সময়ত ৫ টা গঁড়কে ধৰি বন্যজন্তুৰ মৃত্যুৰ সংখ্যা হ’লগৈ ৯৬ টা ৷ পানীত ডুবি ৪৯ টা বন্য জন্তুৰ মৃত্যু হোৱাৰ লগতে  অন্যান্য কাৰণত হোৱা মৃত্যুৰ সংখ্যা ১৬ টা ৷

বান কমিবলৈ আৰম্ভ কৰিলেও ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় ৮৫ শতাংশ এলেকা পানীৰ তলত থকাৰ বাবে বন্যপ্ৰাণীৰ বিচৰণৰ বাবে উপযুক্ত হৈ উঠা নাই ৰাষ্ট্ৰীয় উদ্যান খন ৷ যাৰবাবে বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই অহা বন্যপ্ৰাণী সমূহ কাৰ্বি পাহাৰত আশ্ৰয় লৈ থকাৰ ওপৰি ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত বা জনাঞ্চলত আশ্ৰয় লৈ আছে ৷



বানত দিকবিদিক হেৰুৱাই দুই এটা গঁড়ে জনাঞ্চলত আতংকৰো সৃষ্টি কৰিছে ৷



আনহাতে ৰাষ্ট্ৰীয় উদ্যান খনৰ তৃণভূমি পানীৰ তলত থকাত হাইলেণ্ডত আশ্ৰয় লৈ থকা বন্যজন্তু খাদ্যৰ অভাৱে দেখা দিয়াৰ সম্ভাৱনা আছে যদিও উদ্যান কৰ্তৃপক্ষৰ মতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বন্য জন্তুৰ খাদ্য নোখোৱাকৈ বহুদিন পাৰ কৰাৰ সক্ষমতা থাকে ৷

(কাজিৰঙৰ পৰা বিতোপন বৰাৰ প্ৰতিবেদন)
First published: July 18, 2020, 3:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading