মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Flood in Gahpur: গহপুৰত ব্ৰহ্মাজান আৰু ছত্ৰং নদীৰ তাণ্ডৱ, মথাউৰি ছিঙি হাহাকাৰ পৰিস্থিতি

Flood in Gahpur: গহপুৰত ব্ৰহ্মাজান আৰু ছত্ৰং নদীৰ তাণ্ডৱ, মথাউৰি ছিঙি হাহাকাৰ পৰিস্থিতি

News18 Assam | News18-Assam
Updated:August 24, 2021, 5:09 PM IST
Flood in Gahpur: গহপুৰত ব্ৰহ্মাজান আৰু ছত্ৰং নদীৰ তাণ্ডৱ, মথাউৰি ছিঙি হাহাকাৰ পৰিস্থিতি
NEWS18 ASSAM NE AND PALASH PHUKAN

NEWS18 ASSAM NE AND PALASH PHUKAN

  • Share this:
মুষলধাৰে হোৱা বৰষুণৰ ফলত গহপুৰ মহকুমাত মথাউৰি ছিঙি তাণ্ডৱ সৃষ্টি কৰিছে ব্ৰহ্মাজান আৰু ছত্ৰং নদীয়ে। হেলেম ৰাজহ চক্ৰৰ মাজৰে বৈ যোৱা ব্ৰহ্মাজান নদীয়ে দৰিয়াখাটত মথাউৰি ছিঙি নিয়াৰ ফলত অৰ্ধ শতাধিক পৰিয়ালৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

মথাউৰি ছিঙি নিয়াত ঘৰৰ ভিতৰত পানী সোমাৱাৰ লগতে ভঁৰাল ঘৰ, পশু ধনৰ বিস্তৰ ক্ষতি সাধন হয়। পাহাৰীয়া খৰস্ৰোতা ব্ৰহ্মাজান নদীৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ কৃষি ভূমি প্লাৱিত কৰাৰ লগতে বিস্তৰ ক্ষতি সাধন কৰে। যাৰ বাবে এতিয়া দৰিদ্ৰ কৃষক সকলে মূৰে-কপালে হাত দিব লগা হৈছে।

ইপিনে গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা ছত্ৰং নৈৰ তিনি ঠাইত মথাউৰি ছিঙি প্লাৱিত কৰিছে নগৰখনৰ ৬ নং ৱাৰ্ডৰ  মধ্য ছত্ৰঙত। নৈখনৰ বাঢ়নী পানীয়ে ঘৰ-বাৰী, পথ, উপ-পথ আদি বুৰাই পেলোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মধ্য ছত্ৰং এলেকাত।  ইয়াৰোপৰি ভদীয়া বানে নগৰখনৰ কেইবাটাও অঞ্চল বুৰাই পেলাইছে। অবিজ্ঞানসন্মতভাবে বালীৰে ছক্ৰং নৈৰ মথাউৰি নিৰ্মাণ কৰাৰ ফলত এতিয়া জীয়াতু ভুগিছে গহপুৰ নগৰবাসীয়ে।

গহপুৰ মহকুমাৰ অন্তৰ্গত ভোলাগুৰি চাহ বাগিছাতো সৃষ্টি হৈছে বানৰ তাণ্ডৱ। মুষলধাৰ বৰষুণৰ ফলত বানত বুৰিল গহপুৰৰ ভোলাগুৰি চাহবাগিছাৰ লগতে ভোলাগুৰি বস্তি। পাহাৰীয়া বালিজান নৈৰ উন্মুক্ত মথাউৰিৰে পানী প্ৰৱেশ কৰি প্লাৱিত কৰি তোলে ভোলাগুৰি বস্তিৰ বিস্তীৰ্ণ অঞ্চল। ভোলাগুৰিত মাহটোত তিনিবাৰকৈ পানী সোমাল কিন্তু চৰকাৰ-প্ৰশাসনৰ তৰফৰ পৰা ৰাইজে সাহাৰ্য নোপোৱাৰ অভিযোগ উথাপন হৈছে। বস্তি অঞ্চলৰ দৰিদ্ৰ ৰাইজৰ ঘৰৰ ভিতৰে-বাহিৰে পানীৰ বাবে এতিয়া ভোকে-লঘোণে সময় পাৰ কৰিব লগীয়া হৈছে  ৰাইজে।

আনহাতে গহপুৰৰ দক্ষিণঞ্চলতো কম পৰিমাণে হ'লেও ব্ৰহ্মপুত্ৰ নদীৰ তাণ্ডৱ অব্যাহত আছে। দক্ষিণাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ প্ৰথমটো বানত বিস্তৰ কৃষিভূমি প্লাবিত হৈছে। দৰিদ্ৰ কৃষক ৰাইজে বাস কৰা অঞ্চল সমূহত এতিয়া নিস্তাৰ নাইকীয়া হৈছে কৃষকসকলৰ। বহু কষ্ট কৰি কৰা খেতি সমূহ নষ্ট হৈ যোৱাৰ আশংকাত মূৰে-কপালে হাত দিছে ৰাইজে।
Published by: Manjumoni Borah
First published: August 24, 2021, 5:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি