• Home
  • »
  • News
  • »
  • assam
  • »
  • Kaziranga Flood : ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী নহয়, মুষলধাৰ বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা বৈ অহা পানীত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Kaziranga Flood : ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী নহয়, মুষলধাৰ বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা বৈ অহা পানীত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

এই পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীয়ে গতি কৰা নাই কাৰ্বি পাহাৰৰ দিশে। হাইলেণ্ডসমূহতে সুৰক্ষিত হৈ আছে বন্যপ্ৰাণীসমূহ।

  • Share this:
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী নহয়,  মুষলধাৰ বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা বৈ অহা পানীত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ এলেকা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হ'লেই পুনৰ প্লাৱিত হোৱাৰ আশংকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

এই পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীয়ে গতি কৰা নাই কাৰ্বি পাহাৰৰ দিশে। হাইলেণ্ডসমূহতে সুৰক্ষিত হৈ আছে বন্যপ্ৰাণীসমূহ। অৱশ্যে দুই-এক বন্যহস্তীৰ জাকে খাদ্যৰ সন্ধানত প্ৰৱেশ কৰিছে জনাঞ্চলত।

ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাত কলিয়াবৰ আৰু বোকাখাট মহকুমা প্ৰশাসনে জাৰি কৰি থৈছে ১৪৪ ধাৰা। বন্যপ্ৰাণীৰ যাতে হানি-বিঘিনি নঘটে তাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথছোৱাত ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক গতিত যান-বাহন নচলাবলৈ আহ্বান উদ্যান কৰ্তৃপক্ষৰ।

উদ্যানখনৰ  বন্যপ্ৰাণীৰ সুৰক্ষাৰ খাতিৰত ২৪ ঘণ্টাই সষ্টম হৈ আছে বনৰক্ষীসকল। উদ্যানখনৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে দিন-ৰাতি একেকাৰ কৰি পালন কৰি গৈছে নিজৰ কৰ্তব্য।
Published by:Sanjay Kumar Das
First published: