• Home
  • »
  • News
  • »
  • assam
  • »
  • পানীৰ তলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশ অঞ্চল, গাড়ীৰ খুন্দাত তিনিটা পহুৰ মৃত্যু

পানীৰ তলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশ অঞ্চল, গাড়ীৰ খুন্দাত তিনিটা পহুৰ মৃত্যু

কাজিৰঙাৰ ৰাজপথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে যদিও ৩টা পহু বাহনৰ খুন্দাত মৃত্যু হোৱাৰ লগতে এটা পহুৰ বানৰ কৱলত পৰি মৃত্যু মুখত পৰিছে।

কাজিৰঙাৰ ৰাজপথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে যদিও ৩টা পহু বাহনৰ খুন্দাত মৃত্যু হোৱাৰ লগতে এটা পহুৰ বানৰ কৱলত পৰি মৃত্যু মুখত পৰিছে।

কাজিৰঙাৰ ৰাজপথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে যদিও ৩টা পহু বাহনৰ খুন্দাত মৃত্যু হোৱাৰ লগতে এটা পহুৰ বানৰ কৱলত পৰি মৃত্যু মুখত পৰিছে।

  • Share this:
বানৰ জটিল ৰূপ অব্যাহত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৭০ শতাংশ অঞ্চল জলমগ্ন হৈ পৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্ৰকল্প এলেকাৰ ২২৩ বন শিবিৰৰ ভিতৰত ১২৫ বন শিবিৰ জলমগ্ন হৈ পৰিছে।

কাজিৰঙাৰ ৰাজপথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে যদিও ৩টা পহু বাহনৰ খুন্দাত মৃত্যু হোৱাৰ লগতে এটা পহুৰ বানৰ কৱলত পৰি মৃত্যু মুখত পৰিছে। আনহাতে, চোৰাং চিকাৰীয়ে  বানৰ সময়ত যাতে কোনো ধৰণৰ সুযোগ ল'ব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি উদ্যানখনৰ বনকৰ্মীসকলে স্পৰ্শকাতৰ এলেকাত নাৱৰ জৰিয়তে পহৰা দিয়া কাৰ্য্য অব্যাহত ৰাখিছে।‌

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তু খাদ্য আৰু নিৰাপদ আশ্ৰয়ৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলাৰ লগতে একাংশই আশ্ৰয় লৈছে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত। কাৰ্বি পাহাৰলৈ গতি কৰা বন্যপ্ৰাণী সমূহৰ নিৰাপত্তাৰ বাবে কাৰ্বি পাহাৰত থকা বনশিবিৰসমূহত অধিক কটকটীয়া কৰিছে নিৰাপত্তা ব্যৱস্থা।

আনহাতে ৰাষ্ট্ৰীয় পথৰ দাঁতিত আশ্ৰয় লোৱা অথবা ঘাইপথ পাৰহৈ যাওতে কোনো জীৱ জন্তু যাতে দুৰ্ঘটনাত পতিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজপথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন এলেকাত অথবা এনিমেল কৰিড'ৰত গাড়ীৰ গতি নিয়ন্ত্ৰণৰ বাবে ঠায়ে ঠায়ে বেৰিকেডৰ ব্যৱস্থা কৰিছে বন বিভাগে।

উল্লেখ্য যে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত কোনো বাহন ৪০ কিলোমিটাৰত কৈ অধিক বেগত চলাব নোৱাৰিব। যদিহে এই আইন ভংগ কৰে তেন্তে  ভৰিব লাগিব ৫০০০ হাজাৰ টকাৰ জৰিমনা।
Published by:Himangshu Bhuyan
First published: