বানত বুৰিল মুখ্যমন্ত্ৰীৰ গৃহ পঞ্চায়ত

বছৰটোৰ দ্বিতীয়টো বানত ডুবিল মুখ্যমন্ত্ৰীৰ গৃহ পঞ্চায়ত বিন্ধাকটা পঞ্চায়ত।

News18-Assam
Updated:June 29, 2019, 10:23 AM IST
বানত বুৰিল মুখ্যমন্ত্ৰীৰ গৃহ পঞ্চায়ত
বছৰটোৰ দ্বিতীয়টো বানত ডুবিল মুখ্যমন্ত্ৰীৰ গৃহ পঞ্চায়ত বিন্ধাকটা পঞ্চায়ত।
News18-Assam
Updated: June 29, 2019, 10:23 AM IST
বছৰটোৰ দ্বিতীয়টো বানত ডুবিল মুখ্যমন্ত্ৰীৰ গৃহ পঞ্চায়ত বিন্ধাকটা পঞ্চায়ত। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাত বানে লৈছে ভয়ংকৰ ৰূপ। বিগত কেইবাদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে ওফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈ। বাঢ়নী পানীত বুৰ গৈছে ইখনৰ পাছত সিখন গাঁও। ইতিমধ্যে বানৰ কৱলত পৰিছে বিন্ধাকটা পঞ্চায়তৰ অন্তৰ্গত লাইকা, দধিয়া, ৰংমলা, মিৰিগাঁও, টেঙাবাৰী, নেপালী গেৰেকী গাঁৱকে ধৰি কেইবাখনো গাঁও। ফলত আশ্ৰয়হীন হৈ পৰিছে বানাক্ৰান্তসকল। বানত সৰ্বস্বান্ত হৈ দিক্‌-বিদিক্‌ হেৰুৱাইছে গাঁওবাসীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি