মঙলদৈত মথাউৰি কাটিবলৈ উদ্যত হোৱা ৰাইজক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আজি।দহ দিন ধৰি বানত আবদ্ধ হৈ থকা লোকসকলে দলে দলে হাত কোৰ লৈ ওলাই যায় মথাউৰি কাটিবলৈ। শাকতোলা নৈৰ মথাউৰি কাটিবলৈ ওলাই যায় এই লোকসকল (Mangaldoi)।
মঙলদৈৰ বৰথেকেৰাবাৰী, ৰঙামাটি, ছোটো নগাঁওকে ধৰি বৃহত্তৰ অঞ্চল পানীৰ মাজত থকাত পানী উলিয়াই দিবলৈ এনেদৰে মথাউৰি কাটিবলৈ ওলায় লোকসকলে। এই বিষয়ে আৰক্ষীয়ে জানিব পাৰি লোকসকলক বাধা প্ৰদান কৰে।
পানী ওলাই যোৱাৰ বাবে কোনো ব্যৱস্থা নোহোৱাত অতিষ্ঠ হৈ পৰা বানপীড়িত লোকসকলৰ অভিযোগ যে প্ৰশাসনেও কোনো বিকল্প ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়ে মথাউৰি কাটি বানৰ পৰা ৰক্ষা পৰা চেষ্টাত ব্ৰতী হয় তেওঁলোক। ঘটনাস্থলী আৰক্ষী উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। শেষত মথাউৰি কাটি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটায় ৰাইজে।
Published by: Gautam Barman
FIRST PUBLISHED : June 25, 2022, 19:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।