বিক্ৰী নোহোৱা ফ্লেটৰ মূল্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত সমস্যা নাই যদিও অগ্ৰিম বুকিং কৰা ফ্লেটৰ মূল্যবৃদ্ধি কৰাৰ ক্ষেত্ৰত বাধা আছে বুলিও এৰিডাৰ সভাপতি গৰাকীয়ে লগতে কয়।
বিক্ৰী নোহোৱা ফ্লেটৰ মূল্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত সমস্যা নাই যদিও অগ্ৰিম বুকিং কৰা ফ্লেটৰ মূল্যবৃদ্ধি কৰাৰ ক্ষেত্ৰত বাধা আছে বুলিও এৰিডাৰ সভাপতি গৰাকীয়ে লগতে কয়।
আপোনাৰ যদি ফ্লেট কিনাৰ মন আছে, তেন্তে সোনকালে ক্ৰয় কৰক। কিয়নো অসম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ’চিয়েচন চমুকৈ ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই এক সংবাদমেল সম্বোধন কৰি ব’হাগ বিহুৰ পিছতে ৰাজ্যত ফ্লেটৰ মূল্য বৃদ্ধি পাব বুলি উল্লেখ কৰে। পি কে শৰ্মাই সংবাদমেলত ফ্লেটৰ প্ৰতি বৰ্গফুটত ৬০০ টকা পৰ্যন্ত বৃদ্ধি পাব বুলি সদৰী কৰে।
নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ ফলতে নিৰ্মাণ খণ্ডৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে বুলি শৰ্মাই সংবাদমেলত প্ৰকাশ কৰি ফ্লেটৰ মূল্য বৃদ্ধি কৰাৰ বাহিৰে অন্য বিকল্প নোহোৱা হৈ পৰিছে বুলি কয়।
২০২০ চনৰ পৰা নিৰ্মাণ খণ্ডৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য প্ৰতি বৰ্গফুটত ৬০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। নিৰ্মাণত ব্যাৱহাৰ হোৱা ৰড, ইটা আৰু চিমেণ্ট আদিৰ দৰে মুখ্য কেঁচা সামগ্ৰীৰ মূল্য বহু গুণে বৃদ্ধি পোৱাৰ ফলত বৰ্তমান সময়ত বুকিং কৰা মূল্যত ফ্লেট বিক্ৰী কৰাটো প্ৰায় অসম্ভৱ প্ৰায় হৈ পৰিছে বুলিও সংবাদমেলত শৰ্মাই কাৰণ দৰ্শাই।
বিক্ৰী নোহোৱা ফ্লেটৰ মূল্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত সমস্যা নাই যদিও অগ্ৰিম বুকিং কৰা ফ্লেটৰ মূল্যবৃদ্ধি কৰাৰ ক্ষেত্ৰত বাধা আছে বুলিও এৰিডাৰ সভাপতি গৰাকীয়ে লগতে কয়।সংবাদমেলত শৰ্মাই বৰ্তমান পৰিস্থিতিৰ বাবে মহাৰাষ্ট্ৰ আৰু এনচিআৰ ডেভ’লপাৰ্ছসকলে ইতিমধ্যে নিৰ্মাণ সামগ্ৰী ক্ৰয় বন্ধ কৰি দিছে আৰু মূল্য যুক্তিসংগত নোহোৱালৈকে কাম বন্ধ কৰি দিছে। দেশৰ বহু ৰাজ্যয়ো এনে সিদ্ধান্তই গ্ৰহণ কৰিছে বুলি তথ্য দাঙি ধৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|