যোৰহাটৰ পাব্লিক বাছ টাৰ্মিনাছ চৌহদত নিৰ্মাণ হ’ব আৱাসিক ফ্লেট, এখন চুক্তিপত্ৰক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া

যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ তৰাজানস্থিত পাব্লিক বাছ টাৰ্মিনাছ চৌহদৰ ১০ বিঘা মাটি ব্যৱসায়িক কমপ্লেক্স আৰু ফ্লেট নিৰ্মাণৰ বাবে এজন লোকৰ সৈতে চুক্তি কৰা ঘটনাক লৈ যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ তৰাজানস্থিত পাব্লিক বাছ টাৰ্মিনাছ চৌহদৰ ১০ বিঘা মাটি ব্যৱসায়িক কমপ্লেক্স আৰু ফ্লেট নিৰ্মাণৰ বাবে এজন লোকৰ সৈতে চুক্তি কৰা ঘটনাক লৈ যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
- News18 Assam
- Last Updated: December 3, 2020, 4:37 PM IST
চুক্তি অনুসৰি ব্যৱসায়িক ভৱনৰ ২৩ শতাংশ আৰু আৱাসিক ফ্লেটসমূহৰ ২০ শতাংশ অংশ লাভ কৰিব যোৰহাট উন্নয়ন প্ৰাধিকৰণে। যোৰহাট ডেভেলপমেণ্ট অথৰিটী চমুকৈ জেডিএই জানিবলৈ দিয়া মতে, ইয়াৰ পৰা প্ৰতি মাহে জেডিএৰ উপাৰ্জন হ’ব ১৫-১৬ লাখ টকা।
কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াটো অবৈধ বুলি দাবী কৰি এই প্ৰক্ৰিয়াত বৃহৎ দুৰ্নীতি হোৱাৰ অভিযোগ উৎথাপন কৰিছে যোৰহাটৰ বিশিষ্ট অধিবক্তা ৰিন্টু গোস্বামীৰ লগতে একাংশ সচেতন নাগৰিকে। অভিযোগ অনুসৰি যোৱা ১ জুলাইত জেডিএ কৰ্তৃপক্ষই এটা ৱেবচাইটৰ খুলিতাৰ জৰিয়তে এই মাটিত নিৰ্মাণ কৰিব লগা বৃহৎ প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰিছিল। ইয়াৰ বাবে বাতৰিকাকতত কোনো ধৰণৰ বিজ্ঞাপন দিয়া হোৱা নাছিল বুলি অভিযোগ কৰি অধিবক্তা গোস্বামীয়ে কয় যে, অতি কৌশলেৰে নিতিশ জৈন নামৰ অনা অসমীয়া ব্যৱসায়ীজনক এই মূল্যবান মাটিখিনি ফ্লেট আৰু কমাৰ্চিয়েল কমপ্লেক্স নিৰ্মাণৰ বাবে দি দিয়া হ’ল।
আনহাতে চুক্তি অনুসৰি এই মাটিৰ অধিকাৰ নিতিশ জৈনে লাভ কৰাৰ পিছত মাটিখিনি বন্ধকত দি বেংকৰ পৰা ঋণ লব পাৰিব। তেনেহ’লে জেডিএৰ এই মাটি বন্ধকত দি বেংকৰ পৰা কোটি কোটি টকা ঋণ লৈ সেই ঋণ পৰিশোধ নকৰিলে সৰ্বাধিক ক্ষতিৰ সন্মুখীন উন্নয়ন প্ৰাধিকৰণ হ’ব বুলি জানিবলৈ দিয়ে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে।
আনহাতে এই অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জেডিএ কৰ্তৃপক্ষই । উক্ত মাটিত এই প্ৰকল্প স্থাপনৰ সিদ্ধান্ত ২০০৮ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে লোৱা হৈছিল বুলি জানিবলৈ দিয়ে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামীয়ে। প্ৰাধিকৰণে আৰু জনায় যে, ২০১৬ চনত বিজেপি চৰকাৰ গঠন হোৱাৰ পূৰ্বে এই সন্দৰ্ভত তদানীন্তন সভাপতিৰ কাৰ্যকালত নিবিদা আহ্বান কৰি এজন লোকক উক্ত মাটিত অনুৰূপ প্ৰক্ৰিয়াৰে প্ৰকল্প স্থাপনৰ বাবে দায়িত্ব দিয়া হৈছিল যদিও এই মাটিখিনি বন্ধকত দি হাডকোৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈ থোৱা বাবে এই প্ৰকল্প ৰূপায়ণ কৰিব পৰা নগ’ল।
শেহতীয়াকৈ বিজেপি চৰকাৰৰ দিনত সভাপতি নিযুক্তি দিয়াৰ পিছতে উক্ত চৌহদৰ দুবিঘা মাটি এপিডিচিএলক পাৱাৰ ষ্টেছন নিৰ্মাণৰ বাবে দিবলৈ যোজা চলোৱা হৈছিল আৰু বিভিন্ন পক্ষৰ পৰা জেডিএ কৰ্তৃপক্ষক হেঁচা প্ৰয়োগ কৰা হৈছিল। শেহতীয়াকৈ যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ এটা স্থায়ী উপাৰ্জনৰ উৎস হিচাপে উক্ত প্ৰকল্প নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে। আনহাতে পাব্লিক বাছ টাৰ্মিনাছ চৌহদৰ ১০ বিঘা মাটিহে উক্ত প্ৰকল্পৰ বাবে দিয়া হৈছে বুলি স্পষ্ট কৰি দিছে সভাপতিগৰাকীয়ে।