তিনিচুকীয়াত বানৰ সংহাৰী ৰূপ, সম্পূৰ্ণৰূপে বানৰ কবলত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

News18 Assam | News18-Assam
Updated:June 30, 2020, 9:33 AM IST
তিনিচুকীয়াত বানৰ সংহাৰী ৰূপ, সম্পূৰ্ণৰূপে বানৰ কবলত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
তিনিচুকীয়াৰ গুইজান, নতুন ৰঙাগড়া গাঁৱৰ উপৰি ডিব্ৰু–চৈখোৱাৰ লাইকা-দধিয়া অঞ্চলৰ সকলো গাঁৱৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণভাৱে প্লাৱিত হৈ পৰিছে।

তিনিচুকীয়াৰ গুইজান, নতুন ৰঙাগড়া গাঁৱৰ উপৰি ডিব্ৰু–চৈখোৱাৰ লাইকা-দধিয়া অঞ্চলৰ সকলো গাঁৱৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণভাৱে প্লাৱিত হৈ পৰিছে।

  • Share this:
কোৰোণাৰ আতংকৰ মাজতে এতিয়া ৰাজ্যজুৰি বানৰ সংহাৰ। বানত বুৰিছে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ বিস্তীৰ্ণ অঞ্চল। জিলাখনত বান পৰিস্থিতিয়ে ক্ৰমাত জতিল ৰূপ ধাৰণ কৰিছে। বিগত তিনি- চাৰিদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত তিনিচুকীয়া জিলাত বানে ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মূষলধাৰ বৰষুণৰ ফলত প্লাৱিত হৈছে জিলাখনৰ বহু ন ন অঞ্চল। যাৰ বাবে পৰ্যাপ্ত আশ্ৰয় শিবিৰৰ অভাৱ আৰু খাদ্য সংকটে দেখা দিছে বানপীড়িতৰ মাজত।

আনহাতে, তিনিচুকীয়াৰ গুইজান, নতুন ৰঙাগড়া গাঁৱৰ উপৰি ডিব্ৰু–চৈখোৱাৰ লাইকা-দধিয়া অঞ্চলৰ সকলো গাঁৱৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণভাৱে প্লাৱিত হৈ পৰিছে। ইপিনে, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বানপানীত বুৰ যোৱাৰ ফলত ওখ ঠাই বিচাৰি ঢাপলি মেলিছে বন্যজন্তুসমূহে। যোৱানিশা নিজৰ ঘৰ বানে উটুৱাই নিয়াৰ ফলত গাঁওবাসীয়ে সুৰক্ষিত স্থানত আশ্ৰয় লয়। সকলো ফালেই যেন এতিয়া সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।
First published: June 30, 2020, 9:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading