ৰঙিয়াৰ উদিয়ানাত বানৰ সংহাৰী ৰূপ, শ শ পৰিয়ালৰ ঘৰ–দুৱাৰ বিনষ্ট

News18 Assam | News18-Assam
Updated:June 29, 2020, 8:19 AM IST
ৰঙিয়াৰ উদিয়ানাত বানৰ সংহাৰী ৰূপ, শ শ পৰিয়ালৰ ঘৰ–দুৱাৰ বিনষ্ট
ঘৰ-দুৱাৰ ভঙা একাংশ বানাক্ৰান্তই আশ্ৰয় লৈছে ৰে’ল লাইনত। বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি।

ঘৰ-দুৱাৰ ভঙা একাংশ বানাক্ৰান্তই আশ্ৰয় লৈছে ৰে’ল লাইনত। বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি।

  • Share this:
ৰঙিয়াৰ উদিয়ানাত বলীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। বানত ককবকাইছে উদিয়ানাৰ কেইবা শতাধিক পৰিয়াল। প্ৰলয়ংকৰী বানত শ শ পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট হৈছে। বহু পৰিয়ালৰ ঘৰৰ ভিতৰত একঁকাল পৰ্যন্ত পানী। ঘৰ-দুৱাৰ ভঙা একাংশ বানাক্ৰান্তই আশ্ৰয় লৈছে ৰে’ল লাইনত। বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি। পুখুৰীৰ পৰা মাছ ওলাই যোৱাত হাহাকাৰ লাগিছে মৎস্য পালকসকলৰ।

খাদ্যৰ অভাৱত অনাহাৰে থাকিব লগা হৈছে বহু বানাক্ৰান্ত ৰাইজ। আনকি পশু খাদ্যৰো অভাৱ হোৱাত পোহনীয়া জন্তুক লৈ চিন্তিত হৈ পৰিছে বন্যাৰ্তসকল। বানত দুৰ্ভোগ ভুগি থকা এইসকল লোকে বৰ্তমানলৈকে লাভ কৰা নাই কোনো বান সাহায্য। ইমানৰ পিছতো কোনো গুৰুত্ব নাই প্ৰশাসনৰ। খবৰ লোৱাৰ আহৰি নাই জনপ্ৰতিনিধিৰ।
First published: June 29, 2020, 8:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading