কপিলী আৰু বৰপানী নৈৰ বানে তচনচ কৰিছে কামপুৰ আৰু ৰহাৰ বিস্তীৰ্ণ অঞ্চল

News18 Assam | News18-Assam
Updated:September 28, 2020, 10:22 AM IST
কপিলী আৰু বৰপানী নৈৰ বানে তচনচ কৰিছে কামপুৰ আৰু ৰহাৰ বিস্তীৰ্ণ অঞ্চল
কামপুৰৰ বিভিন্ন স্থানত জলপ্ৰলয়ৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷

কামপুৰৰ বিভিন্ন স্থানত জলপ্ৰলয়ৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷

  • News18 Assam
  • Last Updated: September 28, 2020, 10:22 AM IST
  • Share this:
আহিনমহীয়া বানে তচনচ কৰি পেলাইছে নগাঁও জিলাৰ কামপুৰ আৰু ৰহাৰ বিস্তীৰ্ণ অঞ্চল।নেৰানেপেৰা বৰষুণ আৰু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প‌ই পানী এৰি দিয়াৰ বাবেই কপিলী আৰু বৰপানী  নৈ ফেনে–ফোটোকাৰে উফন্দি উঠি কামপুৰ আৰু ৰহা সমষ্টিৰ বহু অঞ্চল প্লাবিত কৰি পেলাইছে। বিলাই বিপত্তি নোহোৱা অৱস্থা বানাক্ৰান্তৰ লগতে পশুধনৰ৷ চৌদিশে কেৱল পানী আৰু পানী ৷ এক সাগৰ সদৃশ পৰিৱেশৰ মাজত বৰ্ন্যাত‌ই বাস কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

কামপুৰত ওখ ঠাইৰ অভাৱত দলঙৰ ওপৰত শিবিৰ পাতি থাকিব লগা হৈছে বন্যাৰ্তসকলে। বানৰ কবলত পৰিছে ৰহা সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল। বৰপানী নদীৰ সপ্তমটো বানে ৰহাৰ মাগুৰগাঁও, আমতলা, কমাৰগাঁও, প্ৰমীলা আদি পঞ্চায়ত সম্পূৰ্ণৰূপে বুৰাই পেলাইছে।

আনহাতে, কপিলী নদীৰ বানৰ কবলত পৰিছে বগলাজান পঞ্চায়তৰ গুইমাৰী, কাকতিগাঁও আদি অঞ্চল। অঞ্চলটোত ঘৰৰ ভিতৰত একঁকাল পানী। বানাক্ৰান্ত ৰাইজে মথাউৰি বা ওখ ঠাইত আশ্ৰয় লৈছে। বানত নষ্ট হৈছে শেহতীয়াকৈ ৰোৱা শালিধানৰ খেতিৰ লগতে অন্যান্য শস্যপথাৰ। বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ লোক বানত ককবকাই আছে।



কামপুৰৰ বিভিন্ন স্থানত জলপ্ৰলয়ৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ পাহাৰৰ পৰা প্ৰচণ্ড বেগত বৈ অহা পানীয়ে জুকুটাত গড়কাপ্টানী পথৰ এক বৃহৎ অংশ খহাই নিয়াৰ লগতে কেইবাটাও কালভাৰ্টৰ যথেষ্ট ক্ষতিসাধন কৰে৷ হাতীগড়–বামুণীথান সংযোগী গড়কাপ্টানী পথ, কামপুৰ বৈঠালাংচু গড়কাপ্টানী পথ, ৰমণী পথাৰ পথ, জুৰিপাৰকে ধৰি বহুকেইটা গড়কাপ্টানী পথৰ ওপৰেৰে  বাগৰি আছে বাঢ়নী পানী৷

কামপুৰ ৰাজহ চক্ৰৰ লগতে ৰহা সমষ্টিৰ অন্তৰ্গত প্ৰায় ৬০খনৰো অধিক গাঁৱৰ ১০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে এই বানত৷ অৱশ্যে জিলা প্ৰশাসনে বানপানী হোৱা কোনো কোনো অঞ্চলত বানসাহায্য আৰু পশু চিকিৎসা প্ৰদান কৰিছে ৷ কচুৱাৰ বিভিন্ন স্থানত নাৱেৰে পশু চিকিৎসকৰ এটা দলে চিকিৎসা প্ৰদান কৰাৰ লগতে পশুধনৰ ঔষধ বিতৰণ কৰিছে৷
Published by: Sanjay Kumar Das
First published: September 28, 2020, 10:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading