ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে কাজিৰঙাৰ বান পৰিস্থিতিয়ে, উদ্যানৰ ৭০ শতাংশ অঞ্চল প্লাৱিত

News18 Assam | News18-Assam
Updated:June 29, 2020, 6:25 PM IST
ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে কাজিৰঙাৰ বান পৰিস্থিতিয়ে, উদ্যানৰ ৭০ শতাংশ অঞ্চল প্লাৱিত
পানী বাগৰাৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনৰ বানাক্ৰান্ত বন শিবিৰৰ সংখ্যা হ’লগৈ ১৪৯টা৷ বিশ্বনাথ বন সংমণ্ডলৰ ২টা বন শিবিৰৰ পৰা স্থানান্তৰ কৰা হৈছে বনকৰ্মীক৷

পানী বাগৰাৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনৰ বানাক্ৰান্ত বন শিবিৰৰ সংখ্যা হ’লগৈ ১৪৯টা৷ বিশ্বনাথ বন সংমণ্ডলৰ ২টা বন শিবিৰৰ পৰা স্থানান্তৰ কৰা হৈছে বনকৰ্মীক৷

  • Share this:
নীপকো আৰু ৰঙানদীয়ে এৰি দিয়া পানীৰ বাবে বানে জটিল ৰূপ ধাৰণ কৰিব পাৰে কাজিৰঙাত। সামান্তৰালভাৱে ওফন্দি উঠা উজনিৰ নদীসমূহেও ভাবুকি কঢ়িয়াই আনিব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ প্ৰতি৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বানে প্লাৱিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশ এলেকা। পানী বাগৰাৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনৰ বানাক্ৰান্ত বন শিবিৰৰ সংখ্যা হ’লগৈ ১৪৯টা৷ বিশ্বনাথ বন সংমণ্ডলৰ ২টা বন শিবিৰৰ পৰা স্থানান্তৰ কৰা হৈছে বনকৰ্মীক৷

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে কাজিৰঙাৰ ৩৭নং ৰাষ্ট্ৰীয় পথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰাৰ লগতে আৰক্ষী প্ৰশাসনৰ লগত  মিলিত হৈছে পৰ্যালোচনাত৷ আনহাতে, বানৰ পৰা পৰিত্ৰাণ বিচাৰি জাকে জাকে বন্যপ্ৰাণী ধাৱমান হৈছে কাৰ্বি পাহাৰলৈ৷ একাংশই আশ্ৰয় লৈছে ৩৭নং ৰাষ্ট্ৰীয় পথৰ কাষত৷ কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ কাষত এতিয়া সুলভ হৈ পৰিছে বন্যপ্ৰাণীৰ বিচৰণৰ দৃশ্য৷ আনহাতে, বানত পৰি আহতও হৈছে কিছুসংখ্যক বন্যপ্ৰাণী৷ আহত বন্যপ্ৰাণীৰ উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে বনকৰ্মীয়ে৷
First published: June 29, 2020, 6:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading