কামপুৰত বছৰৰ দ্বিতীয়টো বানৰ বিভীষিকা, বৰপানী নৈৰ পানীয়ে বুৰাইছে কেইবাখনো ৰাজহ গাঁও

News18 Assam | News18-Assam
Updated:June 29, 2020, 12:08 PM IST
কামপুৰত বছৰৰ দ্বিতীয়টো বানৰ বিভীষিকা, বৰপানী নৈৰ পানীয়ে বুৰাইছে কেইবাখনো ৰাজহ গাঁও
কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই সাতখনকৈ গেটেৰে পানী এৰি দিয়াত পুনৰ ওফন্দি উঠিছে বৰপানী নৈ৷

কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই সাতখনকৈ গেটেৰে পানী এৰি দিয়াত পুনৰ ওফন্দি উঠিছে বৰপানী নৈ৷

  • Share this:
বছৰৰ দ্বিতীয়টো বানে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে কামপুৰত ৷ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই সাতখনকৈ গেটেৰে পানী এৰি দিয়াত পুনৰ ওফন্দি উঠিছে বৰপানী নৈ৷ এমাহৰ পূৰ্বে বাঢ়নী পানীয়ে ভাঙি নিয়া মথাউৰিৰে পানী সোমাই কামপুৰ ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চল এতিয়া পানীৰ তলত৷ বৰপানী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে লংজাপ, জুৰিপাৰ, মাধৱপাৰা, কচুৱাকে ধৰি বহুকেইখন গাঁও ৷ ইফালে কপিলী নৈৰ বাঢ়নী পানী ভগ্ন মাথাউৰিৰে সোমাই বকুলগুৰি, নলাপাৰ, পটিয়াপামকে ধৰি বিভিন্ন অঞ্চল প্লাৱিত কৰিছে ৷ কামপুৰ–যমুনামুখ সংযোগী গড়কাপ্টানী পথৰ ওপৰতো পানী৷ আনহাতে ভগ্ন মাথাউৰিসমূহ মেৰামতি নকৰাৰ ফলতেই বিগত বানত কৃষকৰ সপোন চূৰমাৰ কৰাৰ পিছত পুনৰ ন ন অঞ্চল বানৰ কবলত পৰিছে৷ মাধৱপাৰা–লংজাপ সংযোগী গড়কাপ্টানী পথৰ ওপৰত এতিয়া এবুকু পৰ্যন্ত পানী৷ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰাৰ ফলতেই কামপুৰত পুনৰ বৰপানী নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। আনহাতে কপিলী নৈয়েও লৈছে ভয়ংকৰ ৰূপ৷ কিন্তু এতিয়ালৈ বানাক্ৰান্তৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ তথা জনপ্ৰতিনিধিয়ে।
First published: June 29, 2020, 12:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading