বছৰৰ অষ্টমটো বানৰ কবলত কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ কেইবাটাও অঞ্চল

News18 Assam | News18-Assam
Updated:October 27, 2020, 12:21 PM IST
বছৰৰ অষ্টমটো বানৰ কবলত কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ কেইবাটাও অঞ্চল
কচুৱা মাধৱপাৰাৰ ভগ্ন মাথাউৰিৰে হোৰাহোৰে পানী সোমোৱাৰ ফলত কচুৱা, ৰমণীপথাৰকে ধৰি পাঁচখনকৈ গাঁও বানৰ কবলত পৰিছে।

কচুৱা মাধৱপাৰাৰ ভগ্ন মাথাউৰিৰে হোৰাহোৰে পানী সোমোৱাৰ ফলত কচুৱা, ৰমণীপথাৰকে ধৰি পাঁচখনকৈ গাঁও বানৰ কবলত পৰিছে।

  • Share this:
বানে যেন লগ নেৰা হৈছে কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলক। দুৰ্গা পূজাৰ আনন্দৰ মাজতে বিজয়া দশমীৰ দিনাই কামপুৰত আকৌ বানে প্লাবিত কৰিলে কেইবাখনো ৰাজহ গাঁৱক। দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ওফন্দি উঠিছে বৰপানী নৈ৷ বৰপানী নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰি তুলিছে কচুৱা, মাধৱপাৰাকে ধৰি বহু অঞ্চল।

কচুৱা মাধৱপাৰাৰ ভগ্ন মাথাউৰিৰে হোৰাহোৰে পানী সোমোৱাৰ ফলত কচুৱা, ৰমণীপথাৰকে ধৰি পাঁচখনকৈ গাঁও বানৰ কবলত পৰিছে। পানীৰ সোত বৰ্তমান কিছু কমিছে যদিও এতিয়াও পানীৰ তলত বিস্তীৰ্ণ কৃষি পথাৰ৷

বছৰৰ অষ্টমটো বানে পুনৰ সন্ত্ৰাস চলোৱাত এতিয়া মূৰে–কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কৃষকসকলৰ। উল্লেখযোগ্য যে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধত বিসংগতি হোৱাৰ ফলত বিগত কিছুদিন ধৰি গেট খোলা হৈ থকাত দ্ৰুতগতিত বৃদ্ধি পাইছে বৰপানী নৈ জলপৃষ্ঠ।
Published by: Sanjay Kumar Das
First published: October 27, 2020, 12:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading