মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কালিকা লগা চত্ৰং নৈ! নিশা গহপুৰত সৃষ্টি কৰিলে বিভীষিকা

কালিকা লগা চত্ৰং নৈ! নিশা গহপুৰত সৃষ্টি কৰিলে বিভীষিকা

News18 Assam | News18-Assam
Updated:October 7, 2020, 8:53 AM IST
কালিকা লগা চত্ৰং নৈ! নিশা গহপুৰত সৃষ্টি কৰিলে বিভীষিকা
মাহটোতে ৬ বাৰকৈ চত্ৰং নৈৰ পানীয়ে জলাকলা খুৱাইছে নগৰবাসীক।

মাহটোতে ৬ বাৰকৈ চত্ৰং নৈৰ পানীয়ে জলাকলা খুৱাইছে নগৰবাসীক।

  • Share this:
নেৰানেপেৰা বৰষুণৰ ফলত গহপুৰত মঙলবাৰে নিশা চত্ৰং নৈ পুনৰ ফেনে–ফোটোকাৰে ওফন্দি উঠে। নিশা গহপুৰ নগৰবাসী শুই থকা অৱস্থাতে হঠাৎ চত্ৰঙৰ পানী বঢ়াৰ ফলত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় গহপুৰ নগৰবাসীৰ মাজত। গহপুৰ নগৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী বাগৰাৰ লগতে বহুতৰে ঘৰ জলমগ্ন হৈ পৰে।

মাহটোতে ৬ বাৰকৈ চত্ৰং নৈৰ পানীয়ে জলাকলা খুৱাইছে নগৰবাসীক। গহপুৰবাসীৰ বাবে কালিকা লগা নদীলৈ পৰিণত হৈছে চত্ৰং। জলসম্পদ বিভাগ আৰু ঠিকাদাৰৰ বাবে চত্ৰং নদী খিৰতি গাইলৈ পৰিণত হৈছে। টকা আহে কিন্তু কাম উপযুক্তভাৱে নহয়।

এই ক্ষেত্ৰত গহপুৰৰ বিধায়কগৰাকীয়ে গুৰুত্ব প্ৰদান কৰা উচিত। ৰাইজৰ দুখ–দুৰ্দশাৰো খবৰ নলয় বৰ্তমানৰ বিধায়কে। নিৰ্বাচন চমু চপাৰ লগে লগে আধাৰশিলা স্থাপনতহে ব্যস্ত উৎপল বৰা।
Published by: Sanjay Kumar Das
First published: October 7, 2020, 8:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি