বছৰৰ প্ৰথমটো বানতে জলমগ্ন হ’ল চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰ। অসম–নগালেণ্ড আৰু অসম–অৰুণাচলৰ সীমামুৰীয়া সোণাৰি নগৰখনৰ কেইবাটাও ৱাৰ্ড পাহাৰত হোৱা মূষলধাৰ বৰষুণৰ ফলত পানীত ডুব গৈছে। বিগত দুদিন ধৰি হোৱা প্ৰচূৰ বৃষ্টিপাতৰ ফলত নগা পাহাৰৰ পৰা নামি অহা টাওকাক, টিয়ক, বালিজান, দইচেলেং আদি নদী পানীৰে উপচি পৰাৰ ফলত চৰাইদেউ জিলাৰ সোণাৰি নগৰকে আদি কৰি বহু অঞ্চল বুৰাই পেলাইছে।
সোণাৰি নগৰৰ ৮নং ৱাৰ্ডৰ দক্ষিণ সোণাৰিৰ মূল পথৰ ওপৰেৰে পানী বাগৰি কোনোমতে বৰ্তমানলৈকে যাতায়াত চলি আছে যদিও বহু লোকৰ ঘৰত পানী সোমোৱা বুলি জনা গৈছে। ৯নং ৱাৰ্ডৰ ভৱানীপুৰ অঞ্চল, ১১নং ৱাৰ্ডৰ পাৰ্বতীপুৰ, শান্তিপুৰৰ বহু লোকৰ ঘৰত পানী সোমাৱাত লোকসকল আশ্ৰয়হীন হৈ পৰিছে।
ইফালে নগৰখনৰ ১৩ নং ৱাৰ্ডৰ ৰজাঢাপ অঞ্চলৰ বহু ঠাই পানীত বুৰ গৈছে। সোণাৰি নগৰৰ ৬নং ৱাৰ্ডৰ সেউজীয়াপাম এলেকাত বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। কিছু কিছু ঘৰ আধালৈকে ডুব যোৱাত বানাক্ৰান্তসকল পথৰ ওপৰলৈ আহিবলগীয়াত পৰিছে। আনহাতে, বালিজান আৰু দইচেলেং নদীৰ বাঢ়নী পানীয়ে বালিজান, বেঙেনাবাৰী আদি কিছু অঞ্চল বুৰাই পেলোৱা বুলি জানিব পৰা গৈছে।
বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি চাই চৰাইদেউ জিলা প্ৰশাসনে সোণাৰি নগৰৰ ছয় নং ৱাৰ্ডত এটা আৰু জিলাখনৰ বিভিন্ন ঠাইত বান সাহায্য শিৱিৰ স্থাপন কৰি বানাক্ৰান্ত লোকক স্থানান্তৰ কৰিছে। কাষৰীয়া নগা পাহাৰত আজি বা কালিৰ ভিতৰত বৰষুণ বেছি হ’লে সোণাৰি নগৰৰ বান পৰিস্থিতি অধিক শোচনীয় হোৱাৰ সম্ভাৱনা আছে। আনহাতে, বানাক্ৰান্ত লোকক উদ্ধাৰৰ বাবে ইতিমধ্যে সেনা বাহিনীৰ লগতে SDRF, অগ্নি নিৰ্বাপন বাহিনীৰ সহায় লোৱা দেখা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|