ক'ভিড-১৯ৰ সংক্ৰমণৰ হাৰ নিম্নগামী নোহোৱাৰ ফলত এতিয়াও সম্পূৰ্ণ কণ্টেইমেণ্ট জ'ন আৰু সান্ধ্য আইন বলৱৎ হৈ থকা বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ মহকুমাত ক'ভিড পৰিস্থিতিক লৈ আগতকৈ অধিক কঠোৰ হৈছে গহপুৰ আৰক্ষী-প্ৰশাসন। ক'ভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজত জনসাধাৰণ যাতে অনাহকত ঘৰৰ পৰা বাহিৰলৈ নোলায় তাৰ ওপৰত অধিক সজাগতা বৃদ্ধিৰ বাবে আজি গহপুৰত গহপুৰ আৰক্ষী-প্ৰশাসনে ফ্লেগমাৰ্চ কাৰ্যসূচী ৰূপায়ণ কৰে।
গহপুৰ মহকুমাৰ মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱ (আই এ এছ) আৰু গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বত ৰূপায়ণ কৰা ক'ভিড সজাগতাৰ উক্ত ফ্লেগমাৰ্চ কাৰ্যসূচীত শতাধিক আৰক্ষী আৰু চি আৰ পি এফ জোৱানে অংশগ্ৰহণ কৰে।আজি পুৱা প্ৰায় ৯.৩০ বজাত গহপুৰ আৰক্ষী থানাৰ পৰা ফ্লেগমাৰ্চ কৰি ওলাই আহি গহপুৰ নগৰৰ ৰাজপথত দুয়োপাৰে শাৰীপাতি আৰক্ষী আৰু চি আৰ পি এফ জোৱানসকলে ফ্লেগমাৰ্চ কৰি জনসাধাৰণক ক'ভিড পৰিস্থিতিৰ বাবে অধিক সজাগ আৰু সতৰ্ক হ'বলৈ এক কঠোৰ বাৰ্তা দিয়ে।
প্ৰতিকূল বতৰকো নেওচি ৰূপায়ণ কৰা উক্ত ফ্লেগমাৰ্চ কাৰ্যসূচী গহপুৰ নগৰত সম্পাদন কৰাৰ পিছত ঘাঁহিগাঁও আৰু হাৱাজান এলেকাতো ৰূপায়ণ কৰি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উপৰি ক'ভিড নিয়ন্ত্ৰণৰ বাবে আগতকৈ আৰক্ষী-প্ৰশাসন যে অধিক কঠোৰ হৈছে, তাক সকীয়াই দিয়া হয়। এইক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই কয় যে ক'ভিড পৰিস্থিতিক লৈ এতিয়াও সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'ন আৰু সান্ধ্য আইন বাহাল থকা বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ মহকুমাত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ হ'লে জনসাধাৰণ আৰু অধিক সজাগ আৰু সতৰ্ক হ'ব লাগিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|