বিগত দুদিন ধৰি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা এখন প্ৰতিচ্ছবি, য'ত দেখা পোৱা গৈছে দৃষ্টিহীন পিতৃ-মাতৃক বাট দেখুৱাইছে তেওঁলোকৰ কনমানি সন্তানটিয়ে। পৰিয়ালটোৰ ঠিকনা ৰহাৰ দীঘলদৰিত।
এই চৰ্চিত পৰিয়ালটোৰ মুঠ সদস্য পাঁচজন। স্বামী ভগেন হীৰা, পত্নী কেতেকী বণিয়া আৰু তিনিগৰাকী কনমানি সন্তানৰ সৈতে সুন্দৰকৈ জীৱন নিৰ্বাহ কৰি আছে পৰিয়ালটোৱে। কিন্তু পৰিয়ালটোৰ একমাত্ৰ ভৰসা তেওঁলোকৰ পাঁচ বছৰীয়া পুত্ৰ সন্তান ৰাহুল হীৰা।
ৰাহুলৰ হাতত ধৰিয়ে যাতায়াত কৰে পিতৃ মাতৃয়ে। ৰাহুলৰ চকুৰে এতিয়া পৃথিৱী দেখিছে দৃষ্টিহীন পিতৃ মাতৃয়ে। অকল নগাঁও জিলা তথা ৰহাতে নহয় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিজ পিতৃ -মাতৃক লৈ যায় ৰাহুলে।
কিদৰে পিতৃ–মাতৃক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লৈ যায় সেই কথা ব্যক্ত কৰিছে কণমানি ৰাহুলে। ৰে'লৰ অন্য যাত্ৰীৰ সহায়ত ষ্টেচনবোৰ চিনাক্ত কৰে কনমানি ৰাহুলে।
এই পৰিয়ালটো চলিব পৰাকৈ সহায় বিচাৰি ভগেন হীৰাৰ লগতে স্থানীয় লোকে চৰকাৰ লগতে ৰাইজলৈ জনাইছে আবেদন। যদি কোনো হৃদয়ৱান ব্যক্তিয়ে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেওঁলোকৰ ঠিকনা নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত দীঘলদৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং ৱাৰ্ড, যোগাযোগ নম্বৰ ৭৫৭৮৯৬০১৩৬।
বেংক একাউণ্ট নম্বৰ– BANK NAME - BANK OF INDIA
ACCOUNT HOLDER NAME - BHOGEN HIRA
ACCOUNT NUMBER - 505218210001988
IFSC- BKID0005052।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।