সমগ্ৰ ৰাজ্য ৰঙালী বিহুৰ আনন্দ উলাহত মগ্ন থকাৰ সময়তে সকলোকে শোকাকুল কৰি বিশ্বনাথ চাৰিআলিত সলিল সমাধি ঘটিল ৫ জনৰ।
বিশ্বনাথৰ ঘিলাধাৰী নৈত সংঘটিত হৈছে এই অতি শোকাৱহ ঘটনা। বিহুৰ দিনা পুৱাই দুই ভাতৃ-ভগ্নীৰ সলিল সমাধি ঘটাৰ পিছতে কৰুণ মৃত্যুক আঁকোৱালি লয় তিনি বন্ধুৱে।
আজি পুৱাই সমগ্ৰ ৰাজ্যবাসীৰ দৰেই গৰুক গা ধুৱাবলৈ গৈছিল চতীয়া পুৰণি গাঁৱৰ ভাৰ্গৱ মন্ত্ৰী আৰু অকন্যা মন্ত্ৰী নামৰ দুই সম্পৰ্কীয় ভাতৃ-ভগ্নী। কিন্তু নিয়তিৰ কি পৰিহাস, ঘিলাধাৰী নৈত ডুব গৈ মৃত্যুক আঁকোৱালি ললে দুয়োজনে। পানীৰ সোঁতত ভনীয়েক অকন্যা উটি যোৱা দেখি বচাবলৈ গৈ নিজেও কৰুণ মৃত্যুক সাৱটিলে ভাৰ্গৱ মন্ত্ৰীয়ে। অকন্যা আছিল ভাৰ্গৱৰ খুড়াকৰ জীয়েক।
ইপিনে একেখন নৈতে সলিল সমাধি ঘটিল তিনি বন্ধুৰ। বিহুৰ দিনা ঘিলাধাৰী নৈত গা ধুবলৈ গৈছিল তিনি বন্ধু ক্ৰমে মৌচম ওজা, অভিজৎ ওজা আৰু বিকাশ হাজৰিকা ৷ গা ধুই থাকোতেই হঠাৎ এজন পানীত ডুব যোৱাত দুই বন্ধুৱে উদ্ধাৰৰ বাবে চেষ্টা চলায়। কিন্তু কোনেও কাকো উদ্ধাৰ কৰিব নোৱাৰিলে।
তিনিওজন নৈত সন্ধানহীন হোৱাত স্থানীয় লোকৰ মাজত হাহাকাৰ লাগে। সময়মতে SDRF উপস্থিত নোহোৱাত স্থানীয় লোকে নিজে নাৱৰেই উদ্ধআৰ অভিযান চলায়। এজন এজনকৈ তিনওজনৰ মৃতদেহ উদ্ধআৰ কৰে ৰাইজে।
অতি হৃদয় বিদাৰক আছিল এই দৃশ্য। ঘিলাধাৰী নৈৰ পাৰ কান্দোনৰ ৰোলেৰে ব্যাথিত হৈ পৰিছিল। সহস্ৰাধিক লোক গোট খাইছিল ঘটনাৰ খবৰ পাই। আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
উল্লেখ্য যে মৃত মৌচম ওজা আছিল চতীয়া এছবিআই(sbi) শাখাৰ কৰ্মচাৰী, অভিজৎ ওজা আছিল নগাঁৱৰ হয়বৰগাঁৱৰ hdfc বেংকৰ কৰ্মচাৰী আৰু বিকাশ হাজৰিকা আছিল ব্যৱসায়ী। তিনিওৰে ঘৰ আছিল বিশ্বনাথৰ ভকতগাঁৱত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|